চিৰাং, ২৭ নৱেম্বৰ (হি.স.)। বিজনী পৌৰসভাৰ ১১ তম শপত গ্ৰহণ অনুষ্ঠান। বিটিচিৰ কাৰ্যবাহী সদস্য তথা বিজনীৰ সবাইঝাৰ সমষ্টিৰ পাৰিষদ ধীৰাজ বৰগয়াৰীয়ে বিজনী পৌৰসভাৰ সভাপতি হিচাবে ললে শপত। বিজনীৰ শংকৰদেৱ শিশু উদ্যান চৌহদত বৃহস্পতিবাৰে অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত ৰাজীৱ কুমাৰ দাসে কৰোৱা শপত বাক্য পাঠ কৰিলে সভাপতি ধীৰাজ বৰগয়াৰী, উপ-সভাপতি প্ৰসন্ন মুখাৰ্জীসহ দহ গৰাকী ৱাৰ্ড কমিছনাৰে।
উক্ত অনুষ্ঠানত বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য মুনমুন ব্ৰহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজনী নহৰ সামগ্ৰীক বিকাশৰ লগতে বিজনীত এখন শিশু উদ্যান নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।
উল্লেখ্য ১৯৭১ চনত স্থাপন হোৱা বিজনী পৌৰসভাৰ আজি ১১ তম্ বৰ্ডৰ শপত গ্ৰহণ অনুষ্ঠানত কাৰ্যবাহী সদস্য মুনমুন ব্ৰহ্মৰ লগতে থুৰিবাৰী সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমান, চিৰাঙৰ অতিৰিক্ত আয়ুক্ত ৰাজীৱ কুমাৰ ব্ৰহ্ম, বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ সঞ্চালক লংকেশ্বৰ ওৱাৰী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
