
কোকৰাঝাৰ, ০৭ ডিছেম্বৰ (হি.স.): কোকৰাঝাৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা তেওঁৰ শিক্ষয়ত্ৰী পত্নীৰ হত্য়াকাৰী। হত্যাকাৰী শম্ভূ কাহাৰ ওৰফে শীল আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় ।
উল্লেখ্য় যে শম্ভূ কাহাৰ ওৰফে শীলে যোৱা ২৯ নৱেম্বৰৰ পুৱা কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন চক্ৰৱৰ্তী (৭২) আৰু তেওঁৰ পত্নী তথা ডি এন হিম্মৎসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমিতা বেনাৰ্জীক (৬৫)ক চোকা অস্ত্ৰৰে নিজ ঘৰতে আক্ৰমন কৰিছিল । ইয়াৰ পৰিণতিত তপন চক্ৰৱৰ্তীৰ মৃত্যু হৈছিল ।কালি নিশা হত্যাকাৰী শম্ভূ কাহাৰ ওৰফে শীলক লৈ আৰক্ষীয়ে লুকুৱাই থোৱা আন এখন দা উদ্ধাৰৰ বাবে আমগুৰী এলেকালৈ লৈ গৈছিল। আমগুৰী এলেকাত লুকুৱাই থোৱা দা দেখুৱাই দিয়াৰ সময়তে শম্ভূ কাহাৰ ওৰফে শীলে আৰক্ষী কনিষ্টবলক গতা মাৰি পলায়নৰ চেষ্টা কৰে । আৰক্ষীয়ে উপায়বিহীন হৈ গুলীচালনা কৰে । আৰক্ষীৰ গুলীচালনাত শম্ভূ কাহাৰ ওৰফে শীলৰ বাঁওভৰিত গুলী লাগে । সম্প্ৰতি গুলীবিদ্ধ শম্ভূ কাহাৰ ওৰফে শীল কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
