
বাক্সা, ১৫ ছেপ্টেম্বৰ (হি.স.): বাক্সা জিলাৰ বাঁহবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ফাতেমাবাদ চাহ বাগিচা খেল পথাৰ প্ৰাংগনত যোৱা কালি দেওবাৰে সন্ধিয়া কৰম উৎসৱ উদযাপন কৰা হয়। প্ৰতি বছৰ দৰে এইবেলিও ফাতেমাবাদ চাহ বাগিছা খেল পথাৰ প্ৰাংগনত, বাঁহবাৰী ৰাইজৰ সহযোগত ২২ তম কৰম উৎসব উদযাপন কৰিলে আদিবাসী ছাত্ৰ সন্থাই।
কৰম উৎসৱ হৈছে অসমৰ চাহ জনগোষ্ঠীসকল আৰু আদিবাসী লোক সকলৰ মাজত এক জনপ্ৰিয় উৎসৱ।বৰ্ণিল কাৰ্য্যসূচীৰে বিভিন্ন জাতি জনগোষ্ঠীৰ উপস্থিত দুই দিনীয়াকৈ অনুষ্ঠিত কৰম উৎসৱৰ কৰম নৃত্য আৰু গীত মাতৰেশ মাজেৰে উজ্বলি উঠিছে কৰম উৎসৱ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
