কামৰূপ, ১৭ অক্টোবৰ (হি স)। দক্ষিণ কামৰূপৰ ভাঠিপাৰা-মিলনপুৰত সোমাবাৰৰ পৰা শিয়ালৰ সন্ত্ৰাস অব্যাহত আছে । গাওঁখনৰ শতাধিক গৰু-ছাগলীৰ উপৰিও প্ৰায় দহ গৰাকী পুৰুষ মহিলাৰ লগতে শিশুকো আক্ৰমণ কৰিছে শিয়ালে । ধাননি পথাৰ বাদেই ঘৰৰ চোতাললৈ আহি শিয়ালে আক্ৰমণ কৰে মানুহক ।
ইতিমধ্যে শিয়ালৰ আক্ৰমণত ৯ গৰাকী ব্যক্তি গোৱৰ্দ্ধন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি হোৱাৰ বিপৰীতে মিলনপুৰৰ নিৰল কলিতা (৪৬) নামৰ ব্যক্তি গৰাকী সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে । আনহাতে আজি পুনৰ পুৱাৰ ভাগত এগৰাকী বৃদ্ধক এটা শিয়ালে কামোৰৰ পিছত বৃদ্ধ চিঞৰ বাখৰ কৰাত ওচৰৰ চুবুৰীয়াৰ সহযোগত শিয়ালটো মাৰি গাতত পুটি থয় । ইয়াৰ পাছতো অব্যাহত আছে ছয়গাঁৱৰ মিলনপুৰ-ভাঠিপাৰাত শিয়ালৰ সন্ত্ৰাস । জানিব পৰামতে, এতিয়ালৈকে মিলনপুৰৰ হিমাংশু মজুমদাৰ(২৫), শশী মোহন কলিতা(৭৫), দীপালী কলিতা (৩৮), ভাঠিপাৰাৰ কলিমন চৌধুৰী (৭৫), কমল মেধি (১০) শিয়ালৰ আক্রমণৰ বলি হয়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
