
ধুবুৰী, ৩১ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা কালি মঙলবাৰে বিয়লি অসম চৰকাৰৰ চাইকেল বিতৰণৰ শুভাৰম্ভ কৰা হয়। এই চাইকেল বিতৰণৰ শুভাৰম্ভ কৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায়ে। নৱম শ্ৰেণীৰ ১৩০ জন শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰে চাইকেল।
উল্লেখ্য যে অসম চৰকাৰে ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়লৈ অহা যোৱাৰ সুবিধাৰ বাবে প্ৰদান কৰিছে চাইকেল সমূহ। তাৰ উদ্দ্যেশ্যৰে চাপৰ ব্লকত চাইকেল বিতৰণৰ শুভাৰম্ভ কৰে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। পৰবৰ্তী সময়ত চাপৰ ব্লকৰ বিভিন্ন বিদ্যালয় সমূহে নিজ নিজ ভাৱে বিদ্যালয়ত চাইকেল বিতৰণ কৰিব পাৰিব বুলি জানিব দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
