শোণিতপুৰ, ২৮ আগষ্ট (হি.স.)। তেজপুৰ মিচন চাৰিআলিত আছুৰ গণ বিক্ষোভ ৷ মিচন চাৰিআলিৰ পৰা বালিপৰাহৈ জামুগুৰি সংযোগী ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবীত আজি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, অসম সেনা শোণিতপুৰ জিলা সমিতি আৰু শোণিতপুৰ জিলা উন্নতি সভাৰ শতাধিক প্ৰতিবাদকাৰীয়ে আজি মিচন চাৰিআলিত বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰায় এক ঘন্টাৰ কাৰণে পথ অবৰোধ কৰে।
প্ৰতিবাদকাৰী সকলে মিচন চাৰিআলিৰ পৰা বালিপৰাহৈ জামুগুৰি সংযোগী ১৫নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ শোচনীয় আৰু জৰাজীৰ্ণ অৱস্থাৰ প্ৰতিবাদ জনায় আৰু লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিস্ক্ৰিয় ভূমিকাৰ প্ৰতিবাদ জনায়। প্ৰতিবাদকাৰী সকলে উক্ত পথটো পুনৰ নিৰ্মাণৰ দাবী জনায় অন্যথা চৰকাৰৰ নিষ্ক্ৰীয় ভূমিকাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ নিৰ্মাণৰ দাবীত জিলা আয়ুক্তৰ কাৰ্য্যালয়,লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যালয়ৰ সন্মূখত জংগী আন্দোলন কৰিব বুলি হংকাৰ দিয়ে আছু,অসম সেনা আৰু অসম উন্নতি সভাৰ বিষয়ববীয়া সকলে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
