নতুন দিল্লী, ২৮ আগষ্ট (হি.স.)। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডবিয়াই বৃহস্পতিবাৰে নতুন দিল্লীত মোহলীস্থিত মিনাৰ্ভা একাডেমী ফুটবল ক্লাবৰ যুৱ খেলুৱৈসকলক সম্বৰ্ধনা জনায় । ইউৰোপত লিপিবদ্ধ হোৱা ঐতিহাসিক জয়ক তেওঁ ভাৰতীয় ফুটবলৰ বাবে ‘নতুন আৰম্ভণি’ বুলি অভিহিত কৰে।
ড০ মাণ্ডবিয়াই কয় যে ভাৰতীয় ফুটবলৰ বাবে এয়া এক নতুন আৰম্ভণি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক গৌৰৱ অৰ্জনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ খেলুৱৈসকলক সদায় নেচন ফাৰ্ষ্টৰ মনোভাৱেৰে খেলিবলৈ বাৰ্তা প্ৰদান কৰি খেলুৱৈসকলৰ সফলতাৰ বাবে ক্ৰীড়া বিজ্ঞান, পুষ্টি আৰু মানসিক সহায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত বুলি কয়। এই খেলুৱৈসকলৰ আত্মবিশ্বাস আৰু আবেগে ভাৰতক নিৰন্তৰ জয়ৰ পথত আগুৱাই নিব।
২০২৫ চনৰ জুলাই–আগষ্ট মাহত মিনাৰ্ভা একাডেমীৰ ১৪/১৫ বছৰ অনুৰ্ধ দলৰ ২২ গৰাকী খেলুৱৈয়ে ছুইডেনৰ গ’থিয়া কাপ, ডেনমাৰ্কৰ ডানা কাপ আৰু নৰৱেৰ কাপ জয় কৰি অভূতপূৰ্ব ইউৰোপীয় ট্ৰেবল সম্পূৰ্ণ কৰে। ২৬খন আন্তঃৰাষ্ট্ৰীয় মেচত অপৰাজিত হৈ থকা মিনাৰ্ভা একাডেমীৰ দলটোৱে ২৯৫টা গ’ল দি মাত্ৰ কেইটামান গ’লহে হেৰুৱাইছে। এফ চি খেলো ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত একাডেমী মিনাৰ্ভা একাডেমীয়ে ভাৰতীয় ফুটবল ইতিহাসত এই কৃতিত্ব পঞ্জীয়ন কৰি বিশ্বজুৰি নিজৰ নাম উজলাই তুলিছে।
ছুইডেনত অনুষ্ঠিত হোৱা গথিয়া কাপ ২০২৫ৰ ফাইনেলত এই দলটোৱে আৰ্জেণ্টিনাৰ এস্কুলা ডি ফুটবল ১৮ টুকুমানক ৪-০ গ’লত পৰাস্ত কৰে। একেদৰে ডেনমাৰ্ক আৰু নৰৱেতো দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়।
ব্যক্তিগত পৰ্যায়তো খেলুৱৈসকলে সন্মান লাভ কৰে, কনথৌজাম যোহেনবা সিঙক গথিয়া কাপৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু হুইড্ৰম টনীক ডানা কাপৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
