
ওদালগুৰি, ০৯ জুলাই (হি.স.)। ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছি চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘৰ উদ্যোগত এক ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ওদালগুৰি জিলাৰ প্ৰত্যেক খন চাহ বাগিচাৰ শ্ৰমিক সকলৰ লগতে ডিমাকুছিৰ চাহ বাগিচাৰ শ্ৰমিক সকলেও আজি এক ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।
চাহ শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি নকৰাৰ প্ৰতিবাদত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । চাহ শ্ৰমিকৰ মজুৰি ২৫০ টকাৰ পৰিৱৰ্তে ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ ডিমাকুছি চাহ বাগিচাৰ পৰিচালকৰ দ্বাৰা মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে । হাজাৰ হাজাৰ শ্ৰমিক ওলাই আহি বাগিছাৰ কাৰ্যালয় ৰ সন্মুখত আমাৰ দৰমহা বৃদ্ধি কৰক, অসম চৰকাৰ হুচিয়াৰ, শ্ৰমীক শক্তি জিন্দাবাদ, মূল্য বৃদ্ধি হ্ৰাস কৰক, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, বিজেপি চৰকাৰ হুচিয়াৰ, আমাৰ দাবী মানিবই লাগিব আদি শ্লোগানেৰে আকাশ বতাহ কপাঁই় তোলে । চাহ জনগোষ্ঠীৰ লোক সকলক চৰকাৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলিও প্ৰতিবাদীসকলে আক্ষেপ কৰে।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
