হাইলাকান্দি, ৩১ জানুৱাৰী : অবৈধ শিল বালিৰ ব্যবসায়ীৰ বিৰুদ্ধে হাইলাকান্দি বন বিভাগেৰ অভিযান চলাইছে। অবৈধ শিল বালি ব্যবসায়ীৰ বিৰুদ্ধে হাইলাকান্দি বন বিভাগে চলোৱা অভিযানত জব্দ কৰা হৈছে ৭ খন অবৈধ শিল কঢ়িয়াই অনা ড্ৰাম্পাৰ আৰু ৩ খন অবৈধ বালি ভৰ্তি ট্ৰাক।
প্ৰাপ্ত তথ্যমতে, যোৱানিশা হাইলাকান্দি বন বিষয়া অখিল দত্তৰ নেতৃত্বত বন বিভাগৰ দলে হাইলাকান্দিৰ পাঁচগ্ৰাম পৰা খেদি খেদি আহি বোয়ালিপাৰ পৰা জব্দ কৰে ৭ খন অবৈধ শিল ভৰ্তি ট্ৰাক আৰু ৩ খন বালি ভৰ্তি ট্ৰাক। অৱশ্য়ে বন বিভাগৰ দল অহাৰ উমান পাই ট্ৰাকৰ চালকে ট্ৰাক এৰি পলায়ন কৰে । হাইলাকান্দিৰ পাঁচগ্ৰাম বিট অফিচাৰ সুবিনয় দেবে সংবাদ মাধ্যম আগত কয় যে এই অবৈধ ট্ৰাক ১০ খনৰ শিল আৰু বালিৰ চৰকাৰী কৰৰ মুল্য ১০ লাখ টকা ওপৰত হ’ব বুলি অনুমান কৰা হৈছে ।
