গোলাঘাট, ২৬ ডিছেম্বৰ (হি স)। গোলাঘাটৰ মৰঙিত অব্যাহত আছে বনৰীয়া হাতীৰ আতংক। মৰঙিৰ ১নং পংকা গ্রান্ট আৰু কানাইঘাটত এজাক বৃহৎ বন্যহস্তীৰ প্ৰৱেশত হুৱা-দুৱা লাগে সাধাৰণ ৰাইজৰ মাজত।
বন্যহস্তীৰ আতংকত বহু সময় আৱদ্ধ হৈ পৰে উক্ত অঞ্চলদুটিৰ ৰাইজ ৷ কিয়নো ব্যস্ততাপূৰ্ণ জনবহুল এলেকাটোৰ চাৰিওফালে ওখ ওখ পকী দেৱাল থকাৰ বাবে দিক্ বিদিক্ হৰুৱাই আবদ্ধ হৈ পৰে হাতীৰ জাকটো। এক আতংকময় পৰিৱেশে বিৰাজ কৰে। অৱশ্যে বহুসময়ৰ পিছত স্থানীয় ৰাইজ আৰু বনবিভাগৰ সহযোগত হাতীৰ জাকটোক জনাঞ্চলৰ পৰা দেওপাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয়। এনেদৰে এতিয়া মৰঙিৰ বিভিন্ন প্ৰান্তত বন্যহাতীৰ উপদ্ৰৱ, আতংক, সংঘাত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
