ধুবুৰী, ২৮ আগষ্ট (হি.স.): গৰাখহনীয়াত আক্ৰান্ত হৈছে গোলকগঞ্জ পৌৰসভা। পৌৰসভা খনৰ ২ নং ৱাৰ্ডত গংগাধৰ নৈৰ ভয়ংকৰ গৰাহখহনীয়াৰ সৃষ্টি হৈছে। গংগাধৰ নৈৰ প্ৰৱল গঢ়াখহনীয়াত তচনছ জন জীৱন শ শ পৰিয়াল
ধুবুৰী জিলাৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত গোলকগঞ্জ পৌৰসভাৰ ২ নং ৱাৰ্ডত গংগাধৰ নৈৰ তাণ্ডৱত শ শ পৰিয়াল গৃহহীন হোৱাত উপক্ৰম হৈছে। যাৰ বাবে স্থানীয় লোকসকলে এই বিষয়ে চিন্তিত হৈ পৰিছে। স্থানীয় লোকসকলে বিধায়ক আব্দুছ ছোৱাহান সৰকাৰক বহু আবেদন নিবেদন কৰাৰ পিছতো কোনো সুফল লাভ পোৱা নাই যাৰ বাবে ভুক্তভূগী লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ধুবুৰীৰ সাংসদ ৰকিবুল হুচেইনো কোনো ধৰনৰ গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত হৈছে। গছগছনি কাটি গৰাহখহনীয়া ৰোধ কৰিবলৈ ৰাইজে প্ৰচেষ্টা চলাই আছে।
উল্লেখ্য যে নৈ পৰীয়া ৰাইজৰ পৰা ভোটৰ সময়ত নানা প্ৰলভোন দেখুৱাই ভোট লোৱাৰ পিছত জনপ্ৰতিনিধিয়ে ৰাইজৰ কোনো খা- খবৰ নোলোৱাত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
