নগাঁও, ২৫ আগষ্ট (হি.স.): নগাঁও জিলাৰ জুৰীয়াৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত আছে। ড্ৰাগছৰ বিৰুদ্ধে সক্ৰিয় হৈছে জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰগ্যান গগৈ।
ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যোৱাকালি দেওবাৰে সন্ধিয়া পুনৰ সাফল্য লাভ কৰে জুৰীয়া আৰক্ষীয়ে । আৰক্ষীৰ অভিযানত জুৰীয়াৰ থিয়টেঙনিৰ পৰা ড্ৰাগছ সহ আটক কৰে এজনক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো জুৰীয়াৰ কেন্দুগুৰিৰ অহেদ আলী বুলি পৰিচয় পোৱা গৈছে । সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰী অহেদ আলীক অধিক তথ্য সংগ্ৰহ কৰাৰ বাবে জেৰা অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
