কাৰ্বি আংলং, ১২ ছেপ্টেম্বৰ (হি.স.): কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিয়ে যোৱা কালি বৃহস্পতিবাৰে বিয়লী ডিফুৰ ৰাজীৱ ভবনত এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ সভাপতি ৰতন ইংতিৰ লগতে জগত ইংতি আৰু চৰিশ্মা ৰংপিপি উপস্থিত থাকে।সংবাদমেলত কংগ্ৰেছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC) আৰু মুখ্য কাৰ্যবাহী সদস্য (CEM) ড° তুলিৰাম ৰংহাংৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰে।
কংগ্ৰেছৰ অভিযোগ অনুসৰি, আগদকিনা কেএ’এএছৰ কিছু অধিকাৰীয়ে সংবাদমেল কৰিছিল যদিও তাত সঠিকভাৱে উত্তৰ দিয়া হোৱা নাই কাৰণ চিইএম ড° তুলিৰাম ৰংহাংয়ে নিজৰ অধিকাৰীক পূৰ্ণ স্বাধীনতা নিদিয়ে বুলি কংগ্ৰেছে মন্তব্য আগবঢ়ায়। ড° তুলিৰাম ৰংহাংয়ে নিজৰ অধিকাৰীক সংবাদমেলত স্বাধীনভাৱে বক্তব্য প্ৰদান কৰিবলৈ দিয়া নাই বুলি কংগ্ৰেছে অভিযোগ আনে। একেদৰে বন বিভাগত গছৰ পুলি ৰোৱাৰ নামত বৃহৎ পৰিমাণৰ দুৰ্নীতি চলি আছে বুলি কংগ্ৰেছে অভিযোগ কৰে।
ইয়াৰ উপৰিও অবৈধ বেংক একাউণ্টক লৈও সৰল হৈ পৰে কংগ্ৰেছ। কেএ’এএছৰ অন্ততঃ ৬টা বেংক একাউণ্ট আছে আৰু এইটো আইনসম্মত নহয় বুলি কংগ্ৰেছে দাবি কৰে। অধিকাৰীসকলৰ সৈতে মিলি দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ কৰে। চিইএম ড° তুলিৰাম ৰংহাংয়ে নিজৰ বিশেষ সচিব মিজি ক্ৰ’ৰ সৈতে মিলি দুৰ্নীতি কৰিছে বুলি কংগ্ৰেছে অভিযোগ উত্থাপিত কৰে। কংগ্ৰেছে এই অভিযোগসমূহৰ বিষয়ে তৎক্ষণাত স্পষ্টীকৰণ আৰু স্বচ্ছতা প্ৰদান কৰিবলৈ কেএ’এএছক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
