গুৱাহাটী, ০১ আগষ্ট (হি.স.)। যাত্ৰীৰ সন্তুষ্টি আৰু গুণগতমানযুক্ত সেৱাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিৰে, উত্তৰ-পূব সীমান্ত ৰেলৱেই ৰে’লযাত্ৰীসকলৰ যাত্ৰা আৰু ৰেলৱে ষ্টেচনসমূহত সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ ২৪ x ৭ ৰেলৱে হেল্পলাইন নম্বৰ ১৩৯ আৰু ৰে’লমদদ প’ৰ্টেলৰ জৰিয়তে অহা অভিযোগসমূহৰ তাৎক্ষণিক সমাধানৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি যাত্ৰীসকলৰ ভ্ৰমণ অভিজ্ঞতা আৰু অধিক সুগম কৰি তুলিছে।
যাত্ৰীৰ সমস্যাৰ সঠিক সময়ত সমাধানৰ গুৰুত্ব বুজি, ভাৰতীয় ৰেলৱে ২০১৯ চনত ‘ৰে’লমদদ’ প্লেটফৰ্ম আৰম্ভ কৰিছিল। এইটো এটা কেন্দ্ৰীভূত ব্যৱস্থা, যিয়ে একাধিক মাধ্যমৰ জৰিয়তে অহা অভিযোগসমূহক একত্ৰিত কৰি দ্ৰুত, স্বচ্ছ আৰু কাৰ্যকৰী নিষ্পত্তিৰ সুবিধা প্ৰদান কৰে। যাত্ৰীসকলে ৱেবচাইট(https://railmadad.indianrailways.gov.in), মোবাইল এপ্লিকেচন অথবা হেল্পলাইন নং. ১৩৯ ৰ জৰিয়তে সহায় লাভ কৰিব পাৰে, যিয়ে ভাৰতীয় ৰেলৱেৰ সঁহাৰিজনক আৰু যাত্ৰী-হিতৈষী সেৱাৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱে ৰে’লমদদ পোৰ্টেলৰ জৰিয়তে অহা অভিযোগসমূহৰ সঠিক সময়ত সঁহাৰি আৰু নিষ্পত্তিকৰণৰ বাবে দ্ৰুত কাৰ্যকৰী ব্যৱস্থা গঢ়ি তোলা হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় আৰু বিভিন্ন মাণ্ডলিক কাৰ্যালয়সমূহত ৱাৰ ৰুম স্থাপন কৰা হৈছে, যিসমূহত সকলো বিভাগৰ সংশ্লিষ্ট বিষয়াসকলে দিনে নিশাই (২৪ x ৭) কৰ্তব্যৰত থাকে, এই বিষয়াসকলে ৰেলযাত্ৰীৰপৰা অহা বিভিন্ন অভিযোগ যেনে-ডবাসমূহৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু শৌচালয়, বৈদ্যুতিক সা-সৰঞ্জাম, বেড ৰোল অথবা খাদ্য আৰু পানীয়ৰ অত্যাধিক মূল্য আদি অভিযোগসহ বিভিন্ন সমস্যাৰ তাৎক্ষণিক সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়।
এই পদক্ষেপসমূহৰ সফলতা উত্তৰ-পূব সীমান্ত ৰেলৱেই ২০২৪-২৫ বৰ্ষত ৰেকৰ্ড সংখ্যক ১.৭৯ লাখ অভিযোগ সফলভাৱে নিষ্পত্তি কৰাৰ জৰিয়তে প্ৰমাণিত হৈছে। এই সংখ্যাত ৪,৪৮৭ জন যাত্ৰীক ৰেলমদদ প্লেটফৰ্মৰ জৰিয়তে প্ৰদান কৰা চিকিৎসা সহায় অন্তৰ্ভূক্ত আছে, য’ত নিৰ্দিষ্ট চিকিৎসক দলৰ দক্ষতা আৰু সহানুভূতিশীল নাৰ্চিং ষ্টাফৰ দ্বাৰা যত্নৰে তাৎক্ষণিক সহায়তা নিশ্চিত কৰা হৈছে। এইটোৱে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দৃঢ় প্রতিক্রিয়া পদ্ধতি আৰু যাত্ৰীৰ কল্যাণৰ প্ৰতি অটল প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱে যাত্রীসকলৰ সুবিধাৰ অৰ্থে অধিক সঁহাৰিজনক, একত্ৰিত আৰু যাত্ৰী-হিতৈষী ৰেলৱে ব্যৱস্থা গঢ়ি তোলাৰ বাবে নিৰন্তৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ।
চিকিৎসা সাহাৰ্য আৰু স্বচ্ছ অভিযোগ নিষ্পত্তিকৰণৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি, উত্তৰ-পূব সীমান্ত ৰেলৱে ইয়াৰ নেটৱৰ্কৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ ৰে’লযাত্ৰীৰ বাবে যত্ন, সংযোগ আৰু অবিৰত উন্নয়নৰ কেন্দ্ৰীভূত মূল্যবোধক বাহাল ৰাখিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
