• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > উচ্ছেদিত পৰিয়ালক এবিঘাকৈ মাটি আৱণ্টন দিয়াৰ বাবে প্ৰস্তাৱ গৃহীত
Regional

উচ্ছেদিত পৰিয়ালক এবিঘাকৈ মাটি আৱণ্টন দিয়াৰ বাবে প্ৰস্তাৱ গৃহীত

CliQ INDIA
Last updated: December 8, 2023 3:30 am
CliQ INDIA
Share
3 Min Read
SHARE

মৰিগাঁও, ০৭ ডিছেম্বৰ (হি.স.)। চৰকাৰী ভূমিৰ পৰা উচ্ছেদিত লোকসকলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া স্থায়ী পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতিক বাস্তৱ ৰূপ প্ৰদান কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা তাৎক্ষণিক পদক্ষেপৰ অংশৰূপে ওৰাং ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ পৰা উচ্ছেদিত হৈ মৰিগাঁও জিলাৰ কেতবোৰ চৰ অঞ্চলত পুনৰসংস্থাপিত ৭৬ টাকৈ পৰিয়ালৰ বাবে ভূমি আবণ্টনৰ প্ৰস্তাৱ আজি গৃহীত হয়।

মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত জিলাখনৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ ৩৭ টা পৰিয়াল আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৩৯ টা পৰিয়ালক এবিঘাকৈ মাটি প্ৰদান কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ মৈৰাবাৰী মৌজাৰ ২ নং ৰংৰাই চাপৰি আৰু চিতলমাৰী চৰ আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ বোকনি মৌজাৰ মেৰবিল হাবি চৰৰ মুঠ ৭৬ টা পৰিয়ালক ভূমি আবণ্টন দিয়াৰ বাবে প্ৰস্তাৱ দাখিল কৰা হয়। সমিতিৰ সকলো সদস্য তথা সদস্যৰ প্ৰতিনিধিৰ উপস্থিতিত অন্য ঠাইত মাটি নথকা এই পৰিয়ালসমূহৰ বাবে ভূমি আৱন্টনৰ প্ৰস্তাৱ গৃহীত হয়। উল্লেখযোগ্য যে যোৱা ১২ ছেপ্টেম্বৰত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত নগাঁও আৰু মৰিগাঁও জিলাৰ কেইবাটাও সমষ্টিৰ বিধায়ক, নগাঁও, মৰিগাঁও আৰু হোজাইৰ জিলা আয়ুক্ত, আমছুৰ নেতৃত্ব আৰু সংশ্লিষ্টসকলৰ উপস্থিতিত উচ্ছেদিত লোকসকলৰ স্থায়ী পুনৰসংস্থাপনৰ বিষয়টোও বিতংভাৱে আলোচনা কৰা হৈছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে শোণিতপুৰ আৰু দৰং জিলাৰ কেতবোৰ অঞ্চলত বেদখল হৈ থকা মাটিত প্ৰশাসনৰ দ্বাৰা চলোৱা উচ্ছেদ অভিযানৰ ফলত গৃহহাৰা হোৱা লোকসকলৰ বাবে স্থায়ী পুনৰসংস্থাপনৰ বিষয়টোত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদিত তথা ইতিমধ্যে নগাঁও, মৰিগাঁও আদি জিলাৰ বিভিন্ন ঠাইত পুনৰসংস্থাপিত লোকসকলক উক্ত স্থানতেই স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰাৰ বিষয়টোত জোৰ দিছিল। চৰকাৰে উচ্ছেদিত লোকসকলে দখল কৰা মাটিত উৎপাদিত ফচল কটাৰ বাবেও সুবিধা কৰি দিছিল। সেইমৰ্মে আজি মৰিগাঁও জিলাত প্ৰথম পৰ্যায়ত ৭৬ টা পৰিয়ালক এবিঘাকৈ মাটি প্ৰদান কৰাৰ বাবে প্ৰস্তাৱ গৃহীত হয়। জিলা আয়ুক্তগৰাকীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰ আৰু মৰিগাঁও জিলা প্ৰশাসনে উচ্ছেদিত লোকসকলৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে আৰু এইসকল লোকে সমাজৰ মূল স্তৰৰ লোকসকলৰ দৰে যাতে সমান সা-সুবিধা লাভ কৰি এটা সাধাৰণ জীৱন যাপন কৰিব পাৰে তাৰ বাবে চৰকাৰ তথা প্ৰশাসন প্ৰতিশ্ৰুতিবদ্ধ।

আজিৰ মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) বিমান দাস, জলসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি দিব্যজিৎ নেওগ, সমাজকৰ্মী অশোক ডেকা, বটদ্ৰৱা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি ধৰ্মেন্দ্ৰনাথ বৰদলৈ, লাহৰীঘাট সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি চামচুল হক, ধিং সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি মঃ চিদ্দিক আহমেদ, জিলা পৰিষদৰ সভানেত্ৰী ইছমেআৰা বেগম, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, তিৱা স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মুছৰাং আৰু মৰিগাঁও জিলাৰ চক্ৰ বিষয়াসকল উপস্থিত আছিল।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ

You Might Also Like

সুকাফা ভবনত জ্যেষ্ঠ নাগৰিক সন্থাৰ দ্বি-বার্ষিক অধিৱেশন ২০২৫ অনুষ্ঠিত
ভাৰত‌ বাংলাদেশ সীমান্তৱৰ্তী এলেকা কোকৰাডাঙ্গাত ব্যাপক গৰাখহনীয়া
পাথাৰকান্দিত পকী বেৰত অংকন জুবিন গাৰ্গ’ৰ প্ৰতিচ্ছবি
জটিল ৰোগত আক্ৰান্ত চেঙাৰ গোপালপুৰৰ এটি অসহায় পৰিয়ালৰ সহায়ৰ কাতৰ আহ্বান
বিহপুৰীয়া নগৰৰ মাজ মজিয়াত সন্ধিয়া আবতৰীয়া দেৱালী | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শুকুৰবাৰে লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব প্ৰথম ভাৰতীয় কলা, স্থাপত্য আৰু ডিজাইন দ্বিবার্ষিক
Next Article দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰ্ঘেৰিটাত মহাৰাসৰ প্ৰস্তুতি সম্পন্ন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?