
গুৱাহাটী, ২০ আগষ্ট (হি স)। গুৱাহাটীৰ অগ্ৰণী শিক্ষানুষ্ঠান বেলতলা মহাবিদ্যালয়ত আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠানৰ লগতে দশম বাৰ্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে ৷ অহা ২৩ আগষ্ট ২০২৫, শনিবাৰে দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
অজিৎ বৰুৱা অনুৰাগী সমাজ আৰু বেলতলা মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত আয়োজিত এই অনুষ্ঠানত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষৰ উদ্বোধন তথা সিদিনাই প্ৰকাশিতব্য ‘অজিৎ বৰুৱা স্মাৰক বক্তৃতা : ২০১৬-২০২৫’ শীৰ্ষক গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰিব প্ৰথিতযশা সমালোচক, কটন, গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে ৷
অনুষ্ঠানত ২০২৫ বৰ্ষৰ দশম বাৰ্ষিক অজিৎ বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰিব বিশিষ্ট সমালোচক, নগাঁৱৰ পুৰণিগুদামৰ ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ কমল শইকীয়াই ৷ বক্তৃতাৰ বিষয় : ‘অজিৎ বৰুৱাৰ এলিয়ট চৰ্চা আৰু সাম্প্ৰতিক মাৰ্কিন কবিতা’ ৷
তদুপৰি, অনুষ্ঠানত অজিৎ বৰুৱাৰ এমুঠি নিৰ্বাচিত কবিতা আবৃত্তি কৰিব খ্যাতনামা চলচ্চিত্ৰ পৰিচালক, নাট্যশিল্পী, আবৃত্তিকাৰ ডাঃ সান্ত্বনা বৰদলৈ আৰু নৱাগত আবৃত্তিকাৰ কিংকৰ বৰাই ৷ অনুষ্ঠানটিত সদাশয় ৰাইজৰ উপস্থিতি কামনা কৰিছে অজিৎ বৰুৱা অনুৰাগী সমাজৰ সভাপতি ৰাজীৱ বৰুৱা, সম্পাদক কুশল দত্ত আৰু বেলতলা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অজিত বৰকটকীয়ে ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
