মানকাচৰ, ২৮অক্টোবৰ(হি.স.)। হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষীৰ জালত দেহ ব্যৱসায়ী। কালি নিশা আৰক্ষীয়ে হাটশিঙিমাৰীৰ মানুল্যাপাৰাত অভিযান চলাই দেহ ব্যৱসায়ৰ সৈতে জৰিত এগৰাকী যুৱতী সহ আটক কৰে তিনিজন যুৱকক। দেহ ব্যৱসায়ৰ সৈতে জড়িত যুৱক তিনিজন ক্ৰমে ওহাব আলী,মাছুম ইছলাম আৰু আনোৱাৰ আলী।
ইয়াৰে মানকাচৰ থানা এলেকাৰ পিপুলবাৰী গাঁৱৰ ওহাব আলী আৰু কাঁঠালবাৰী গাঁৱৰ মাছুম ইছলাম। আনহাতে হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ মানুল্যাপাৰা গাঁৱৰ আনোৱাৰ আলী।আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত নিশা অভিযান চলাই মানুল্যাপাৰা গাঁৱৰ পৰা দেহ ব্যৱসায়ীৰ সৈতে জড়িত এজনী ১৯ বছৰীয়া যুৱতীৰ লগত তিনিজন যুৱকক আটক কৰে।ধৃত যুৱতীজনী বঙাইগাঁও জিলাৰ মানিক পুৰ থানা এলেকাৰ বুলি জানিব পৰা গৈছে।সম্প্ৰতি,খাৰুৱাবান্ধা আৰক্ষীয়ে ধৃত কেইজনক সোধা পোচাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ /কিশোৰ/ৰমেন/আলোক.
