নগাঁও,। ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত আৰু কিছুদিনৰ পিছতে দৌলৎসৱ উপলক্ষে আবিৰ ৰঙেৰে ৰঙীন হৈ পৰিব। এই উপলক্ষে সত্ৰৰ পৰিচালনা সমিতি আৰু উদযাপন সমিতিয়ে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। বিগত বৰ্ষ সমূহৰ দৰে চলিত বৰ্ষতো পৰম্পৰা ৰক্ষা কৰি অহা ইংৰাজী মাৰ্চ মাহৰ ২৪,২৫ আৰু ২৬ তাৰিখে আয়োজন কৰা হৈছে ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ।
দৌলৎসৱ উপলক্ষে উদুলি মুদুলি পৰিৱেশে বীৰাজ কৰিব থানাৰ চৌদিশ। গোটেই কেইটা দিনত প্ৰাতঃ প্ৰসংগ, আইনাম, দিহানাম,ভাগৱত পাঠ, ভাওনা প্ৰদৰ্শন কৰা হ’ব। লগতে বাণিজ্য মেলাৰ উপৰিও সত্ৰীয়া সংস্কৃতিৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছে। মাদক দ্ৰব্য পৰিহাৰ কৰি, নীতি নিয়মৰ মাজেৰে হোলী আনন্দ উপভোগ কৰি সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।
