শিৱসাগৰ, ৩০ এপ্ৰিল। গেলেকীৰ ন-পাম বাৰুৱতী গাওঁ দিন দুপৰতে চোৰৰ সন্ত্ৰাস। দিন দুপৰতে চোৰৰ সন্ত্ৰাস । গেলেকীৰ ন-পাম বাৰুৱতীত সংঘটিত হৈছে এই ঘটনা ।ন-পাম বাৰুৱতী গাঁৱৰ ৰাজু কুমাৰ গগৈ নামৰ যুৱকজনৰ ঘৰত আজি দিনৰ প্ৰায় ১২ মান বজাত পিছত চুৰে চলাই চাফাই অভিযান ।ঘৰত কোনো নথকাৰ সুযোগ বুজি ঘৰৰ দুৱাৰৰ তলা ভাঙি চোৰে লুটি নিলে কেইবালক্ষাধিক টকাৰ মূল্যৰ সোণৰ আ-অলংকাৰ ।
উল্লেখযোগ্য যে যোৱা কালি দিনৰ প্ৰায় ১২ মান বজাত ঘৰৰ মূল মহিলাগৰাকীয়ে গাওঁৰ এঘৰত সকাম খাবলৈ বুলি ওলাই গৈছিল। আৰু আবেলি প্ৰায় ৫ মান বজাত মহিলা গৰাকীয়ে ঘৰলৈ ঘুৰি আহি দেখে যে ঘৰৰ দুৱাৰ খোলা আছে ।তেতিয়া মহিলা গৰাকীয়ে ঘৰৰ কাষৰ মানুহক মাতি ঘটনাৰ বিষয়ে অৱগত কৰি ঘৰৰ ভিতৰত সোমাই দেখে যে ভিতৰৰ লোহাৰ আলমিৰা ভাঙি চোৰে সকলো সোণৰ আ-অলংকাৰ লৈ গৈছে । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত বিষয়তো গেলেকী আৰক্ষীক অৱগত কৰে পৰিয়ালবৰ্গই । গেলেকীৰ আৰক্ষী উপস্থিত হৈ বৰ্তমানো ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই মূহুৰ্তৰলৈকে চোৰৰ কোনো সন্ধান ওলোৱা নাই ।
উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা গেলেকীৰ বিভিন্ন প্ৰান্তত গৰু,ম”হ চোৰকে ধৰি অন্যান্য সামগ্ৰী চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে ।যাৰ বাবে সাধাৰণ ৰাইজৰ সা-সম্পত্তিৰ অনিষ্ট হোৱাৰ উপৰিও নিদ্ৰা হৰণ হৈছে ।
