কোকৰাঝাৰ, ০১ মে’। ১ নং কোকৰাঝাৰ লোকসভাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মন্ত্ৰী ৰঞ্জীৎ দাসৰ দোকানে দোকানে নিৰ্বাচনী প্ৰচাৰ। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সমুখত। মাজত মাথো ৫ টা দিন বাকী। তেনে সময়ত জীৱন প্ৰাণ এৰি দিছে নিৰ্বাচনী প্ৰচাৰত।
ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ঘৰে ঘৰে নেতা মন্ত্ৰী । ব্যৱসায় প্ৰতিষ্ঠানত ভোট বিচাৰি গৈছে বিধায়ক মন্ত্ৰী। ১ নম্বৰ কোকৰাঝাৰ লোক সভা সমষ্টিৰ গুৰুফেলা বজাৰত আজি দেখা গল মন্ত্ৰী ৰঞ্জিত দাসক । মন্ত্ৰী গৰাকী কোনো নিৰ্বাচনী সভাৰ বাবে অহা নাই। বজাৰ কৰিবলৈ অহা নাই। আহিছে ভোট বিচাৰি। বজাৰৰ প্ৰতিখন দোকানত ভোট বিচাৰি গৈছে মন্ত্ৰী গৰাকী। মন্ত্ৰী ৰঞ্জিত দাস আহি কোকৰাঝাৰ লোকসভা সমষ্টিৰ গুৰুফেলা বজাৰত উপস্থিত হৈ দোকানে দোকানে মিত্ৰ জোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ ভোট বিচাৰি চলায় প্ৰচাৰ।
