হাইলাকান্দি, সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যে এই বাৰ কৰিমগঞ্জ লোকসভা সমষ্টিত আৰম্ভ হৈছে ৰাজনৈতিক কুচ-কাৱাজ। ইটোৰ পিছতে সিটো ৰাজনৈতিক দলে সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে ইফটাৰ পাৰ্টি । বিজেপি সংখ্যালঘু মৰ্চাৰ পিছতে এইবাৰ হাইলাকান্দিত এআইইউডিএফে আয়োজন কৰিলে ইফটাৰ পাৰ্টি।
হাইলাকান্দি জিলাৰ কৃষ্ণপুৰত বুধবাৰে সন্ধিয়া আয়োজন কৰা হয় এই ইফটাৰ পাৰ্টি। এআইইউডিএফ প্ৰাৰ্থী ছাহাবুল ইচলাম চৌধুৰীৰ সৈতে ইফটাৰ পাৰ্টিত উপস্থিত থাকে স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰ আৰু সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বড়ভূইয়া।
ইপিনে, বিধায়ক কৰিম উদ্দিনে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমদ চৌধুৰীৰ তীব্ৰ সমালোচনা কৰি তেওঁক বিজেপিৰ দ্বিতীয় প্ৰাৰ্থী বুলি আখ্যায়িত কৰে। হাফিজ ৰছিদে এই সমষ্টিটো মুখ্যমন্ত্ৰীক উপহাৰ হিচাপে দিয়াৰ বাবে কংগ্ৰেছ টিকট লৈছে বুলিও মন্তব্য কৰে বিধায়ক কৰিম উদ্দিনে । আনহাতে, এইবাৰ ১ লাখ ভোটৰ ব্যবধানত জয়লাভ কৰিব বুলি দাবী কৰে এআইইউডিএফ প্ৰাৰ্থী ছাহাবুল ইচলাম চৌধুৰীয়ে ।
