নগাঁও, ৩১ ডিচেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনত মংগলবাৰে বিয়লি সপ্ত শক্তি সংগম অনুষ্ঠান অনুষ্ঠিত হয়। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্ভুক্ত ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনত মাতৃ সকলৰ বাবে আয়োজিত সপ্ত শক্তি সংগম অনুষ্ঠানৰ পুৱা সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়
লগতে মাতৃ ভাৰতীৰ সভানেত্ৰী গীতামনি কলিতা ভূঞাৰ সভাপতিত্বত আৰু সম্পাদিকা ৰুবি দেৱীয়ে আঁত ধৰা অনুষ্ঠানত মাতৃ ভাৰতীৰ সদস্যা সকলৰ দ্বাৰা সামূহিক গীত পৰিবেশন কৰা হয়। ইয়াৰ লগতে নিদিষ্ট বক্তা ৰূপে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেৱী, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ উপস্থিত থাকি মাতৃ সকলক সম্বোধন কৰাৰ পাছত মাতৃ সকলে নাট মঞ্চস্থ কৰে।
এই উপলক্ষে ৫গৰাকী আদৰ্শ মাতৃক এখন এখন ফুলাম গামোচা, অভিনন্দন পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয় আৰু মাতৃ সকলে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে। এই উপলক্ষে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য প্ৰফুল্ল দাস, উপ প্ৰধান আচাৰ্য্য অনামিকা দাস মেধি সহ সমূহ শিক্ষক শিক্ষয়ত্ৰী উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
