
শ্ৰীভূমি (অসম), ২৩ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীভূমি জিলা আৰক্ষীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ৩৭জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।
মঙলবাৰে মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি শ্ৰীভূমি আৰক্ষীয়ে মহিলা, শিশু, পুৰুষকে ধৰি ৩৭ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। ধৃত সকলো বাংলাদেশী নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ চেষ্টা চলাইছিল।
এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি সকলো বাংলাদেশী নাগৰিকক বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীক গতাই দিছে। সম্প্ৰতি সমগ্ৰ বিষয়টোৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
