শিৱসাগৰ, ১৭ জুলাই (হি.স.)। শিৱসাগৰত অ এন জি চিৰ মইমতালি অব্যাহত । সাধাৰণ লোকৰ জীৱনক লৈ হেতালি অ এন জি চিৰ। ভটীয়াপাৰৰ গেছ নিৰ্গমনৰ পাছত এইবাৰ পকী বেৰা মাৰি ৰুদ্ধ কৰিলে পানী নিষ্কাষণ হোৱা পথ । কৃত্ৰিম বানত হাবু ডুবু খাইছে শিৱসাগৰ জিলাৰ বলিয়াঘাট পথলিয়াল গাৱৰ ৰাইজে ।
বলিয়াঘাট পথলিয়াল গাৱত অৱস্থিত জি জি ১ ৰ অবিবেচকী কাণ্ডৰ বাবেই কৃত্ৰিম বানৰ সমস্যাত তিনি শতাধিক পৰিয়াল । সমান্তৰাল ভাবে ৰূপহীজান বেদখলৰ পৰিণতিও ভুগিছে ৰাইজে । আহোম ৰাজত্বকালত ৰংঘৰৰ কাষৰ পৰা দিখৌমুখ ৰূপহীমুখ লৈকে বিস্তৃত ৰূপহীজান বেদখলৰ ফলত বৰ্তমান অস্তিত্বহীন ।
ৰূপহীজান বেদখলমুক্ত কৰিলেহে কৃত্ৰিম বানৰ পৰা মুক্ত হব ৰাইজ। ৰাজপথলৈ ওলাই আহিল গাওঁবাসী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
