
হোজাই, ০১ আগষ্ট (হি.স.)। হোজাই জিলাৰ লংকাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। লংকাৰ উদালি তিনিআলীত ড্ৰাগছ সহ তিনিজন লোকক আটক কৰে আৰক্ষীয়ে। ধৃত সকলৰ ভিতৰত এগৰাকী মহিলাও আছে।
পুৱতি নিশা কৰিমগঞ্জৰ এখন চুইফট বাহনত তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে লংকা অভিমুখে লৈ আহিছিল ড্ৰাগছ খিনি। উদালি আৰক্ষী পহৰা চকীৰ নিয়মীয়া তালাচী চলি থকাৰ সময়তে আৰক্ষীক দেখি পলাবলৈ চেষ্টা চলাওতে দুৰ্ঘটনাত পতিত হয় চুইফট বাহন খন।
ইয়াৰ পিছতেই উদালি আৰক্ষীয়ে ২৪ টা চাবোনৰ বাকছত ভৰ্তি ড্ৰাগছ আৰু চবিৰ আহমেদ, তাজ উদ্দিন আৰু ৰেছমিনা বেগম নামৰ মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয়।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
