বাক্সা, ১৪ ডিছেম্বৰ(হি.স.)। বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ পোহনীয়া কুকুৰৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় এগৰাকী কিশোৰী ৷ মুছলপুৰত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় ঘটনাটো ৷
জানিব পৰা মতে আজি কিশোৰী গৰাকীয়ে কাৰ্যালয়ৰ সন্মুখত সমনীয়াৰ সৈতে খেলি থকা সময়তে কুকুৰটোৱে আক্ৰমণ কৰে ৷ কুকুৰটোৱে খেদি খেদি কিশোৰী গৰাকীক আক্ৰমণ কৰাত কেইবাগৰাকী লোকে আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা চলায় যদিও কিশোৰী গৰাকী শৰীৰৰ কেইবাটাও স্থানত আঘাতপ্ৰাপ্ত হয় ৷ পিচত উপস্থিত থকা লোকে কিশোৰী গৰাকীক মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰে ৷
উল্লেখ্য যে কুকুৰটো মুছলপুৰস্থিত হেভেন নামৰ ৰেষ্টুৰেণ্ট খনৰ মালিকৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে পোহনীয়া কুকুৰটো ৰাজপথত এৰি দিয়াত সমগ্ৰ মুছলপুৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
