কামৰূপ, ২৩ অক্টোবৰ (হি স)। দক্ষিণ কামৰূপৰ অন্যতম এখন দূৰ্গাপূজা হৈছে গোৱৰ্দ্ধন আঞ্চলিক সাৰ্বজনীন শাৰদীয় দূৰ্গাপূজা । ১৯৯৭ চনৰ পৰা উদযাপন কৰি অহা এই পূজাখনিত নিতৌ মানুহৰ সমাগম বৃদ্ধি পাইছে ।
ইফালে ষষ্ঠীৰ দিনাৰে পৰা ভক্তপ্ৰাণ ৰাইজক ভোগ প্ৰসাদৰ যোগান ধৰি আছে পূজা কমিটিয়ে । ১৫ খন চৌকাত ১৫ গৰাকী ৰান্ধনীয়ে দিনে নিশাই ভোগ তৈয়াৰ কৰি ৰাইজক যোগান ধৰি আছে । পূজা উদযাপন সমিতিৰ সভাপতি জীতেন কলিতা আৰু সাধাৰণ সম্পাদক প্ৰণৱ দাসে দিন ৰাতি একাকাৰ কৰি ভক্তপ্ৰাণ ৰাইজক সেৱা শুশ্ৰুষা কৰি আছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
