নগাঁও, ৩১ আগষ্ট (হি.স.)। বিপদ সংকুল ভাবে হাতেৰে ধৰিব পৰা অৱস্থাত আছে ৰহাৰ ভকতপাৰ গাঁৱৰ বিদ্যুৎ পৰিবাহী তাঁৰ । অঞ্চলটোত বছৰ বছৰ ধৰি এইদৰে ওলমি ৰৈছে বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ। নিজৰ পদূলিয়ে পদূলিয়ে বাঁহ লগাই বিদ্যুৎ পৰিবাহী তাঁৰ ওখ কৰি ল’ব লগিয়া হৈছে স্থানীয় ৰাইজে।
ভয়াবহ বাবে ওলমি থকা তাৰ সমূহৰ জৰিয়তে যিকোনো মূহুৰ্তত সংঘটিত হ’ব পাৰে অঘটন। এই ক্ষেত্ৰত বিদ্যুৎ বিভাগক ভকতপাৰা বাসীয়ে বহুবাৰ অবগত কৰিছে যদিও এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। ইয়াৰ ওপৰিও গছ লতাৰে আৱৰি ধৰিছে বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই ৰহা বৈদ্যুতিক উপ সংমণ্ডলৰ। এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
