
গুৱাহাটী, ০৫ আগষ্ট (হি.স.)। অংগনবাদী শিক্ষয়িত্ৰীৰ পৰা সোমবাৰে বেলতলা বনগাঁওৰ অঞ্চলত চোৰে থপিয়াই নিছিল মোৱাইল ফোন। শিক্ষয়িত্ৰী গৰাকীয়ে গোচৰ তৰিছিল বশিষ্ঠ আৰক্ষী থানাত। গোচৰ ৰুজু কৰাৰ পিছতে ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই চিলনী চোৰক। দুই চোৰৰ নাম লালমাটিৰ কমল ৰয় আৰু পাটৰকুছিৰ বিশাল দাস।
নিশা খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে দুই চিলনী চোৰক । জব্দ কৰে চুৰি কাৰ্য কৰা সময়ত ব্যৱহাৰ কৰা নম্বৰপ্লেট বিহীন চেন্ট্ৰ বাহন,শিক্ষয়িত্ৰী গৰাকীৰ মোৱাইল ফোনটোৰ লগতে অন্যান্য ৪ টা মোৱাইল ফোন। ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীৰ তদন্ত অব্যাহত।
হিন্দুস্থান সমাচাৰ / Narayan Kar
