
–গুৰুতৰ বাবে আহত এজন পথচাৰী
ধুবুৰী, ১৯ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ পানবাৰীত অটোৰিক্সাৰ অতপালিৰ ফলত দিশাহাৰা হৈ পৰিছে পথচাৰীসকল। দিনক দিনে বৃদ্ধি পাইছে পানবাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অটোৰিক্সা দৌৰাত্ম্য। কোনে কাক পিছ পেলাব পাৰে আৰু বেছি ভাড়া মাৰিব পাৰে সেয়া যেন এক প্ৰতিযোগিতা চলিছে অটোৰিক্সাসমূহৰ মাজত।
উল্লেখ্য যে পানবাৰী গ্ৰীন ভেলী বিদ্যালয়ৰ সন্মুখত তথা পানবাৰী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।। জানিব পৰা মতে এএছ ১৭ চি ৪০৬০ নম্বৰৰ যাত্ৰী কঢ়িয়াই নিয়া অটোৰিক্সাই মহতিয়াই লৈ যায় এগৰাকী পথচাৰীক। যাৰফলত পথচাৰী ব্যক্তি জন গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয়। আহত ব্যক্তিজনক সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
