গুৱাহাটী, ০৫ ছেপ্টেম্বৰ (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মহান শিক্ষাবিদ তথা সমাজ সংস্কাৰক পদ্মশ্ৰী ইন্দিৰা মিৰিৰ মৃত্যু বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উত্তৰ-পূব অঞ্চলত জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰসাৰৰ ক্ষেত্ৰত ইন্দিৰা মিৰিৰ অমূল্য অৱদানে সমাজখনক সদায় আলোকিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে তেওঁৰ চোকা বুদ্ধি, অক্লান্ত কষ্ট আৰু সংগ্ৰামে তেওঁক আত্মপ্ৰতিষ্ঠা প্ৰদান কৰিছিল আৰু তেওঁ প্ৰতিটো প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছিল।
এগৰাকী শক্তিশালী ব্যক্তিত্ব বুলি অভিহিত কৰি ড০ শৰ্মাই কয় যে তেওঁৰ স্মৃতি সদায় অবিস্মৰণীয় হৈ থাকিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
