
নগাঁও,১২ ডিচেম্বৰ (হি.স.)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদাংক অনুকৰণ কৰি নগাঁও জিলাৰ বৰদোৱা সত্ৰৰ পৰা কোচবিহাৰৰ মধুপুৰ সত্ৰলৈ খোজ কাঢ়ি যাত্ৰা কৰিলে কলিয়াবৰৰ এজন জ্যেষ্ঠ নাগৰিকে। বিগত ১৬ নৱেম্বৰত বৰদোৱাৰ পৰা পদব্ৰজে যাত্ৰা আৰম্ভ কৰি সুদীৰ্ঘ ২৫ দিনৰ মূৰত মধুপুৰ সত্ৰত উপস্থিত হ’লগৈ ৭১ বছৰীয়া বিপিন চন্দ্ৰ খনিকৰ নামৰ লোকজন।
প্ৰায় ৪৫০ কিলোমিটাৰ খোজকাঢ়ি বৰদোৱাৰ পৰা মধুপুৰ সত্ৰত উপস্থিত হোৱা লোকজনে জ্যেষ্ঠ নাগৰিক সকলৰ মনোবল বৃদ্ধি আৰু স্বাস্থ্য ৰক্ষাৰ বাবে যাত্ৰাপথত চলালে সজাগতাও। উদ্দেশ্য-জ্যেষ্ঠ নাগৰিক সকলৰ মনোবল বৃদ্ধিৰ লগতে সুস্বাস্থ্যৰ সজাগতা। প্ৰায় ৪৫০ কিলোমিটাৰ খোজকাঢ়িলে ৭১ বছৰীয়া বিপিন চন্দ্ৰ খনিকৰে।
১৬ নৱেম্বৰত বৰদোৱা থানৰ পৰা যাত্ৰা আৰম্ভ কৰি কলিয়াবৰ-তেজপুৰ পথেৰে খোজ কাঢ়ি ১১ ডিচেম্বৰৰ বিয়লি মধুপুৰ সত্ৰত উপস্থিত হ”লগৈ বিপিন চন্দ্ৰ খনিকৰ। বুধবাৰে পুৱা সত্ৰখনৰ সত্ৰাধিকাৰক সাক্ষাৎ কৰাৰ লগতে আশীৰ্বাদ লয় সুদীৰ্ঘ দূৰত্ব পদযাত্ৰা কৰি উপস্থিত হোৱা লোকজনে। বয়োজ্যেষ্ঠ লোকজনৰ এই প্ৰয়াসৰ শলাগ লয় মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে সত্ৰবাসীয়েও। প্ৰতিদিনে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে প্ৰায় ৩০ কিলোমিটাৰ খোজ কাঢ়ি ঠায়ে ঠায়ে নিশা কটাই সুদীৰ্ঘ দূৰত্বৰ যাত্ৰা সম্পূৰ্ণ কৰিলে লোকজনে। যাত্ৰাপথত ঠায়ে ঠায়ে ৰৈ জিৰণি লোৱাৰ লগতে স্বাস্থ্য ৰক্ষাৰ উপৰি মনোবল বৃদ্ধিৰ বাবে খোজ কাঢ়িবলৈ বিভিন্নজনক দিলে উৎসাহ।
উল্লেখ্য যে, ২০১০ জনত কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা ৭১ বছৰীয়া বিপিন চন্দ্ৰ খনিকৰ এগৰাকী প্ৰবীণ খেলুৱৈও। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত জ্যেষ্ঠ নাগৰিকৰ খোজ কঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰাৰ লগতে ইতিপূৰ্বে ঢলা-শদিয়া ডঃ ভূপেন হাজৰিকা সেঁতুও খোজ কাঢ়ি পাৰ হৈছিল বিপিন চন্দ্ৰ খনিকৰে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
