


































































































































যোৰহাট, ০৫ ডিছেম্বৰ ( হি স)। সোমবাৰে নিশা যোৰহাটৰ টীয়কত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এই ঘটনাত দুখনকৈ ট্ৰাকৰ মুখা মুখি সংঘৰ্ষ আৰু একে সময়তে অচিনাক্ত বাহনে মহতিয়াই থৈ যায় এজন যুৱকক।
প্ৰাপ্ত তথ্য়মতে, এএছ ০১ ডিডি ৪৯১৫ আৰু ডব্লিউবি ২৩ চি ০৭৮৬ নম্বৰৰ বাহন দুখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ পাছত ঘটনা সংঘটিত কৰি এখন বাহনৰ চালক সহ হেন্দিমেন পলাই যায় যদিও আন খন ট্ৰাকৰ চালক আবদ্ধ হৈ পৰে বাহনত। ততাটয়াকৈ গুৰুতৰভাৱে আহত হোৱা চালক জনক স্থানীয় লোকে আৰক্ষীৰ সহায়ত দুৱাৰ কাটি গ্লাচ ভাঙি উদ্ধাৰ কৰি যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।
অন্যহাতে ঠিক একে সময়তে ঘটনা স্থলীৰ পৰা প্ৰায় ২০০ মিটাৰ নাতি দূৰত ৰাজপথত মূমূৰ্শ অৱস্থাত উদ্ধাৰ হয় এজন যুৱক। স্থানীয় লোকৰ ভাষ্য অনুসৰি অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় শংকৰ মাহিলী নামৰ যুৱকজনক। ততাটয়াকৈ স্থানীয় হস্পিটেললৈ যুৱক জনক প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱক জনক মৃত ঘোষণা কৰে।
উল্লেখযোগ্য যে বিগত ৯ বছৰে চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ কাম চলি আছে উজনিৰ এই পথছোৱাত। বিগত সময়চোৱাত উক্ত পথছোৱাৰ এনে অৱস্থাৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।সেয়ে অনতি পলমে পথছোৱা মেৰামতি কৰি ৰাইজৰ জীৱন ৰক্ষা কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
