বিশ্বনাথ, ০৭ নৱেম্বৰ (হি.স.): কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ তিনিদিনীয়া অসম ভ্ৰমণৰ দ্বিতীয় দিনা কাইলৈ শনিবাৰ ৮ নবেম্বৰত গহপুৰৰ ভোলাগুৰিত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব । দেশৰ ভিতৰতে আগশাৰী আধুনিক বিশ্ববিদ্যালয় স্থাপনৰ যো জা চলিছে গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহবাগিছাত । সেই উদেশ্যে কালি সন্ধিয়া অমৃত কলহ স্থাপন কাৰ্যসূচী ৰূপায়ণ হৈছে ভোলাগুৰিত। গুৱাহাটীৰ কলাক্ষেত্ৰৰ পৰা অনা হৈছে অমৃত কলহ। অমৃত কলহৰ মাটি স্থাপন হ’ব কনকলতা বিশ্ববিদ্যালয়ত। অহা ৮ নবেম্বৰত আনুষ্ঠানিক ভাৱে বিশ্ব বিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।
উল্লেখ্য় যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৭ নৱেম্বৰত অসমলৈ আহিব। তেওঁ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰ্যবেক্ষণ কৰিব। বিশ্ব মানদণ্ডৰে নিৰ্মিত নতুন লেণ্ড ৱাটাৰ টাৰ্মিনেল আৰু গুৱাহাটীত নদীৰ পাৰৰ উদ্য়ান উদ্বোধন কৰিব তেওঁ। অহা ৮ নৱেম্বৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়, নতুন গ্ৰীণফিল্ড বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। জাগীৰোডৰ ছেমিকণ্ডাক্টৰস্থলী পৰিদৰ্শন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে। জাগীৰোডত ৩০০ ষ্টাৰ্টআপৰ সৈতে আলোচনাত মিলিত হ’ব মন্ত্ৰীগৰাকী। জাগীৰোডৰ পৰা বিয়লি গুৱাহাটীলৈ উভতিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ। গুৱাহাটীত উদ্বোধন কৰিব নৱনিৰ্মিত জাহাজ টাৰ্মিনেল। বিত্ত মন্ত্ৰীয়ে মুকলি কৰিব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্পও।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
