মুম্বাই, ১২ জানুৱাৰী (হি.স.)। মুম্বাই বিমানবন্দৰত ৪১ কোটি টকাৰ কোকেইন সৰবৰাহৰ অভিযোগত থাইলেণ্ডৰ এগৰাকী ২১ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। এই সন্দৰ্ভত ডি আৰ আইৰ দলে পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে।
বিষয়াসকলৰ মতে, ইথিওপিয়ান এয়াৰলাইন্সৰ জৰিয়তে আদিছ আবাবাৰ পৰা মুম্বাই বিমানবন্দৰত ড্ৰাগছ লৈ এগৰাকী বিদেশী মহিলাৰ আগমনৰ সন্দৰ্ভত ডি আৰ আইয়ে গোপনীয় তথ্য লাভ কৰিছিল। ডি আৰ আইৰ দলটোৱে মুম্বাই বিমানবন্দৰত এই কথা নিৰীক্ষণ কৰি আছিল। থাইলেণ্ডৰ মহিলা আউনিয়াৰিন ছাই-হ’ৰক তালাচী চলোৱাৰ সময়ত তেওঁৰ ওপৰত সন্দেহজনক একো পোৱা নগ’ল যদিও ট্ৰলী বেগটো পৰীক্ষা কৰাত ১৪টা পেকেট বগা পাউদাৰৰ দৰে পদাৰ্থ উদ্ধাৰ কৰা হয়। ডি আৰ আইয়ে এই বগা গুড়িখিনি কোকেইন বুলি চিনাক্ত কৰিছিল।
ইয়াৰ পিছতে ডি আৰ আইৰ দলে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। এতিয়ালৈকে কৰা তদন্তত প্ৰকাশ পাইছে যে মহিলাগৰাকীক আফ্ৰিকাৰ এখন দেশৰ পৰা কোকেইন দিয়া হৈছিল আৰু তেওঁক কেৰিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ডি আৰ আইৰ দলটোৱে তেওঁৰ মোবাইল ফোন যোগাযোগসমূহ স্কেন কৰি তেওঁৰ সহযোগীসকলৰ বিষয়ে তথ্য আহৰণৰ চেষ্টা চলাইছে।
হিন্দুস্থান সমাচাৰ/ৰাজবাহাদুৰ/মনোজ
