ইম্ফল, ৩০ জুন (হি.স.)। বিদ্ৰোহ বিৰোধী অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে বিভিন্ন নিষিদ্ধ সংগঠনৰ তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ উপৰিও এটা বোমা নিৰাপদে নিষ্ক্ৰিয় কৰা হৈছে।
সোমবাৰে আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ইম্ফল পশ্চিম জিলাৰ লামডেং আৱাং লেইকাইৰ পৰা উগ্ৰপন্থী যুমনাম প্ৰেমকুমাৰ সিং ওৰফে নংথাং (৩১) নামৰ এজন উগ্ৰপন্থী দলে গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ধন দাবীৰ কাম চলোৱাৰ অভিযোগ। আৰক্ষী বিষয়াই তেওঁৰ হাতৰ পৰা দুটা মোবাইল ফোন আৰু এখন হালধীয়া ৰঙৰ স্কুটী (এমএন ০১ এ ই ১৭৪৫) উদ্ধাৰ কৰে। ইয়াৰ উপৰিও ইম্ফল পূব জিলাৰ নংপক সঞ্জেনবাম খুল্লেনৰ পৰা কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (কেচিপি-নয়ন/এমএফএল)ৰ সৈতে জড়িত মনোহৰমায়ুম কবিচন্দ্ৰ শৰ্মা ওৰফে ৰাজো (২৮)ক গ্ৰেপ্তাৰ কৰা হয়। আন এক অভিযানত ইম্ফল পশ্চিমৰ চিংজামেই থানাৰ অন্তৰ্গত হিৰংগোইথংস্থিত মাছৰ আৰ্কেড দোকানৰ ওচৰৰ পৰা নিষিদ্ধ প্ৰেপাক (পি আৰ অ’)ৰ কেডাৰ কংগবাম ৰাজু সিং ওৰফে পুৰেল (৪২)ক গ্ৰেপ্তাৰ কৰা হয়।
ইফালে বিষ্ণুপুৰ জিলাৰ বোমা নিষ্কাশন দলটোৱে মৈৰাং থানাৰ অন্তৰ্গত তেৰাখংশ্বাংবি মানিং লাইথেলত স্থাপন কৰা ৫১ মিমি আই এল জি বোমা সফলভাৱে নিষ্ক্ৰিয় কৰে। ফৰেনছিক পৰীক্ষা আৰু অধিক তদন্তৰ বাবে স্থানৰ পৰা শ্ব্ৰেপনেল সংগ্ৰহ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
