ইম্ফল, ২৮ জুন (হি.স.)। মণিপুৰৰ কেইবাখনো জিলাৰ স্পৰ্শকাতৰ আৰু সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তোলাৰ ফলত যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ হৈছে।
কাকচিং জিলাত ৱাংগু থানাৰ অন্তৰ্গত ৱাংগু তাৰুং মামাং চিং অঞ্চলৰ পৰা বৃহৎ অস্ত্ৰৰ ভঁৰাল উদ্ধাৰ হোৱা বুলি শনিবাৰে আৰক্ষীৰ মুখপাত্ৰই জনায়। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা ইনচাছ ৰাইফল (মেগজিনবিহীন), এটা মডিফাইড একে-৫৬ ৰাইফল মেগজিনযুক্ত, এটা বল্ট-একচন একক বেৰেল আগ্নেয়াস্ত্ৰ, আন এটা একক বেৰেল বন্দুক আৰু এটা .৩২ পিষ্টল মেগজিনযুক্ত। অতিৰিক্ত উদ্ধাৰৰ ভিতৰত আছে এটা ইনছাছ এলএমজি মেগজিন, কভাৰযুক্ত ৫১ মিমি মৰ্টাৰ বোমা, প্ৰায় এক কিলোগ্ৰাম ওজনৰ তিনিটা আইইডি, এটা সজীৱ .৩২ গুলী, ২০টা খালী ইনছাছ ৰাইফলৰ আৱৰণ আৰু তিনিটা এলআৰ-১৩৫ এমটিআৰ কন্দুৱা গেছৰ গোলা। ইয়াৰ উপৰিও কৌশলগত আৰু যোগাযোগৰ সঁজুলি, চাৰ্জাৰযুক্ত বাওফেং হেণ্ডছেট, ছদ্মবেশৰ কাপোৰ, জোতা, ৰেইনকোট আৰু প্লেটবিহীন বুলেটপ্ৰুফ জেকেট উদ্ধাৰ কৰা হৈছে।
বিষ্ণুপুৰ জিলাৰ ফ’গাকাচাও ইখাই আৰক্ষী থানাৰ অন্তৰ্গত টৰবাং ছাবাল মামাং লেইকাইত চলোৱা অভিযানত এটা ছেল্ফ লোডিং ৰাইফল (এছ এল আৰ), মেগজিন আৰু পাঁচটা লাইভ ৰাউণ্ড, খালী মেগজিনযুক্ত এটা মডিফাইড এ কে ৰাইফল আৰু তিনিটা একক বেৰেল বন্দুক উদ্ধাৰ কৰা হয়।
একেদৰে ইম্ফল পশ্চিম জিলাত এক সুকীয়া অভিযানত মেড ইন বাৰ্মা লিখা থকা তথা প্ৰত্যেকতে এটাকৈ মেগজিন থকা তিনিটা পিষ্টলৰ লগতে তিনিটা ৩৬ এইচই হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হয়। লামছাং আৰক্ষী থানাৰ অন্তৰ্গত কামেং ছাবাল অঞ্চলৰ সমীপৰ আই ভি আৰ পথত উদ্ধাৰ হৈছে এই অস্ত্ৰ-শস্ত্ৰসমূহ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
