ৰায়পুৰ, ২০ জুলাই (হি.স.)। আমেৰিকাৰ প্ৰতিষ্ঠিত ব্যক্তিগত মহাকাশ কোম্পানী টাইটান স্পেচ ইণ্ডাষ্ট্ৰীজে (টিএছআই) ছত্তীশগড় জিলাৰ বিলাসপুৰৰ পেণ্ড্ৰা চহৰৰ বাসিন্দা ৩০ বছৰীয়া ৰাজেখৰ পেৰীক প্ৰথম মানৱ মহাকাশ অভিযানৰ বাবে নিৰ্বাচিত কৰিছে। ২০২৯ চনত আৰম্ভ হ’বলগীয়া এই অভিযানত ৰাজশেখৰক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ’ব। তেওঁ মহাকাশযান ব্যৱস্থা পৰিচালনা, অভিযান অনুকৰণ, শূন্য মাধ্যাকৰ্ষণ শক্তিৰ উৰণ প্ৰস্তুত, জৰুৰীকালীন পদ্ধতি আৰু বৈজ্ঞানিক গৱেষণা আদি কামত অৰিহণা যোগাব।
ৰাজশেখৰে এক আলোচনাত সাংবাদিকৰ আগত কয় যে এতিয়া ব্যক্তিগত কোম্পানীসমূহে মহাকাশ দৌৰত বিশ্বৰ প্ৰতিভাক সুযোগ প্ৰদান কৰিছে। আমাৰ দৰে অভিযন্তা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক নতুন যুগ।
স্থানীয় পৰ্যায়ত প্ৰাৰম্ভিক পঢ়া-শুনাৰ পিছত ৰাজশেখৰে হায়দৰাবাদৰ পৰা একাদশ-দ্বাদশত অধ্যয়ন কৰি মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰাৰ পিছত ভাৰত ডাইনেমিক্স লিমিটেড (প্ৰতিৰক্ষা মন্ত্ৰালয়)ত কাম কৰে। ইয়াৰ পিছত ৰাজশেখৰে উচ্চ শিক্ষা আৰু মহাকাশ বিজ্ঞানৰ বিশেষজ্ঞতাৰ বাবে ব্ৰিটেইনলৈ যায়। বৰ্তমান ব্ৰিটেইনত বাস কৰা ৰাজশেখৰে মহাকাশ আৰু যান্ত্ৰিক অভিযান্ত্ৰিকীত অধ্যয়ন কৰি মহাকাশ প্ৰযুক্তি কোম্পানী অৰ্বিটালকাৰত প্ৰজেক্ট মেনেজাৰ (ইঞ্জিনিয়াৰিং) হিচাপে কাম কৰে।
ৰাজশেখৰে এই অভিযানৰ বাবে কঠোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া সফলতাৰে উত্তীৰ্ণ হয়, য’ত চিমুলেটেড চন্দ্ৰ অভিযান, এনালগ মহাকাশৰ বাসস্থানত সময় কটোৱা আৰু উচ্চ পৰ্যায়ৰ শাৰীৰিক আৰু মানসিক পৰিমাপ পূৰণ কৰা আদি অন্তৰ্ভুক্ত আছিল। ইয়াৰ উপৰিও তেওঁ গণনামূলক তৰল গতিবিদ্যাৰ ইন্টাৰশ্বিপ কৰিছিল আৰু মহাকাশ প্ৰপালচনত বিশেষজ্ঞ আছিল। এই অভিযানৰ নেতৃত্ব দিব নাছাৰ প্ৰবীণ মহাকাশচাৰী উইলিয়াম মেকআৰ্থাৰ জুনিয়ৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
