নতুন দিল্লী, ২৮ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ মুৰব্বী ডা০ মোহন ভাগৱতে কয় যে প্ৰযুক্তি আৰু আধুনিকতাৰ শিক্ষাৰ লগত কোনো সংঘাত নাই। শিক্ষাৰ উদ্দেশ্য কেৱল তথ্য দিয়াই নহয়, মানুহ এজনক সংস্কৃতিৱান কৰি সম্পূৰ্ণ মানৱ কৰি তোলা।
ডা০ ভাগৱতে আজি বৃহস্পতিবাৰে বিজ্ঞান ভৱনত তিনিদিনীয়া বক্তৃতা শৃংখলা ‘সংঘৰ ১০০ বছৰীয়া যাত্ৰাঃ নতুন দিগন্ত’ৰ তৃতীয় দিনা জিজ্ঞাসা সমাধান অধিবেশনত প্ৰশ্নৰ উত্তৰ দি আছিল । প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ যুগত সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ সৈতে জড়িত প্ৰশ্নটোৰ ওপৰত সংঘ প্ৰধানগৰাকীয়ে কয় যে প্ৰযুক্তি মানুহৰ মংগলৰ বাবেই আহে, ইয়াক ব্যৱহাৰ কৰা আৰু ইয়াৰ কুপ্ৰভাৱৰ পৰা আঁতৰি থকাটো মানুহৰ কাম। তেওঁ স্পষ্ট কৰি দিলে যে মানুহ প্ৰযুক্তিৰ মাষ্টৰ হৈ থাকিব লাগে, প্ৰযুক্তিয়ে মানুহৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নালাগে।
তেওঁ কয়, শিক্ষাৰ অৰ্থ কেৱল সাক্ষৰতা বা তথ্য নহয়, বৰঞ্চ এনে সংস্কৃতি যিয়ে মানুহক বিচক্ষণ কৰি তোলে। সেইটোৱেই হৈছে সেই শিক্ষা যিয়ে বিষকো ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ জ্ঞান দিয়ে। ভাগৱতে কয় যে বিদেশী আক্ৰমণকাৰীয়ে ভাৰতৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থা ধ্বংস কৰি দেশত শাসন কৰাৰ লক্ষ্যৰে শিক্ষা ব্যৱস্থা ৰূপায়ণ কৰিছিল যিয়ে দাসত্বৰ মানসিকতাক লালন-পালন কৰি থাকিল। তেওঁ কয় যে স্বাধীন ভাৰতত শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য কেৱল চৰকাৰ চলোৱাই নহয়, সমাজখনক লালন-পালন কৰা আৰু ভৱিষ্যত প্ৰজন্মত আত্মসন্মান সৃষ্টি কৰা। তেওঁ কয়, নতুন শিক্ষা নীতি-২০২০ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাৰণ ইয়াত পঞ্চকোষী শিক্ষাৰ ব্যৱস্থা আছে আৰু ই শিশুসকলক তেওঁলোকৰ গৌৰৱময় অতীতৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰে।
সংস্কৃত ভাষাৰ সৈতে জড়িত এক প্ৰশ্নৰ উত্তৰত সৰসংঘচালক ডা° ভাগৱতে কয় যে ভাৰতক প্ৰকৃত অৰ্থত বুজিবলৈ সংস্কৃত অধ্যয়ন কৰাটো প্ৰয়োজনীয়। ইয়াক বাধ্যতামূলক কৰি তোলাৰ প্ৰয়োজন নাই যদিও ইয়াৰ প্ৰতি আগ্ৰহ আৰু ৰুচি সৃষ্টি কৰাটো প্ৰয়োজনীয়। তেওঁ কয় যে ভাষা কেৱল প্ৰকাশৰ মাধ্যম, কিন্তু শিক্ষাৰ মৌলিক উদ্দেশ্য ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে জড়িত সাৰ্বজনীন মূল্যবোধৰ প্ৰসাৰ হ’ব লাগে।
ডা০ ভাগৱতে জোৰ দি কয় যে শিক্ষা ধৰ্মীয় শিক্ষা নহয়, বৰঞ্চ ই সমাজখনক সংযোগ কৰা আৰু ব্যক্তিক শ্ৰেষ্ঠ কৰি তোলা সাৰ্বজনীন মূল্যবোধ প্ৰদান কৰে। তেওঁ কয়, “বয়োজ্যেষ্ঠসকলক সন্মান কৰা, অহংকাৰৰ পৰা আঁতৰি থকা আৰু ভাল মূল্যবোধ গ্ৰহণ কৰা – এইবোৰ মূল্যবোধ প্ৰতিখন সমাজতে সমানে প্ৰযোজ্য।এই মূল্যবোধেই শিক্ষাৰ প্ৰকৃত দিশ নিৰ্ধাৰণ কৰে।”
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
