ছিউল (দক্ষিণ কোৰিয়া), ২৮ আগষ্ট (হি.স.)। চীনৰ স্বাধীনতা দিৱসৰ পেৰেডলৈ উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক আমন্ত্ৰণ কৰাৰ সিদ্ধান্তত স্তম্ভিত হৈ পৰিছে দক্ষিণ কোৰিয়াৰ শীৰ্ষ নেতৃত্ব। অহা ৩ ছেপ্টেম্বৰত বেইজিঙত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ পেৰেডত উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনে অংশগ্ৰহণ কৰাৰ ঘোষণাই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে ম্যুঙৰ উদ্বেগ বৃদ্ধি কৰিছে। তেওঁ এই পেৰেডত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ ৱু ৱন-শ্বিক শাসক আৰু বিৰোধী দলৰ বহু সাংসদৰ সৈতে নিশ্চিতভাৱে এই পেৰেডত উপস্থিত থাকিব।
দক্ষিণ কোৰিয়াৰ কাকত দ্য কোৰিয়া হেৰাল্ডৰ খবৰ অনুসৰি বৃহস্পতিবাৰে পিয়ংইয়াঙৰ চৰকাৰী সংবাদ মাধ্যম আৰু বেইজিঙৰ বিষয়াসকলে কিমৰ অংশগ্ৰহণৰ কথা ঘোষণা কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ ৮০ বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত ৩ ছেপ্টেম্বৰত বেইজিঙৰ টিয়ানমেন চৌহদত অনুষ্ঠিত হ’ব এই পেৰেড। যদি উত্তৰ কোৰিয়াৰ নেতাগৰাকীৰ বেইজিং ভ্ৰমণ সম্পূৰ্ণ হয়, তেন্তে ২০১১ চনত ক্ষমতা দখল কৰাৰ পিছত কিমৰ এইটোৱেই হ’ব বহুপক্ষীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰথমটো অনুষ্ঠান। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আমন্ত্ৰণত কিম জং উনে অতি সোনকালে চীন ভ্ৰমণ কৰিব আৰু “জাপানী আগ্ৰাসনৰ বিৰুদ্ধে চীনৰ জনসাধাৰণৰ প্ৰতিৰোধ যুদ্ধ আৰু বিশ্ব ফেচিষ্ট বিৰোধী যুদ্ধৰ বিজয়ৰ ৮০ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব” বুলি কোৰিয়ান চেণ্ট্ৰেল নিউজে প্ৰকাশ কৰিছে ।
বেইজিঙত অনুষ্ঠিত এক সংবাদমেলত চীনৰ সহকাৰী বৈদেশিক মন্ত্ৰী হং লেইয়ে নিশ্চিত কৰে যে ৩ ছেপ্টেম্বৰৰ পেৰেডত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যোগদান কৰা ২৬জন বিদেশী নেতাৰ ভিতৰত কিমও থাকিব। ইফালে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-মিউঙে চীনৰ সামৰিক পেৰেডত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে যদিও ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ ৱু ৱন-ছিকৰ লগতে শাসক আৰু বিৰোধী দলৰ কেইবাজনো সাংসদ উপস্থিত থাকিব।
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লীৰ মুখ্য কৰ্মচাৰী কাং হুন-চিকে বিয়লি সংবাদমেলত কয় যে বেইজিঙত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত কিমৰ প্ৰস্তাৱিত অংশগ্ৰহণৰ বিষয়ে ৰাষ্ট্ৰপতি কাৰ্যালয়ে আগতীয়াকৈ অৱগত। তেওঁ কয় যে ৱাশ্বিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে লীয়ে প্ৰথমবাৰৰ বাবে মুখামুখিকৈ অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ পিছত আমেৰিকাৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত দক্ষিণ কোৰিয়াৰ ডাঙৰ বাধাসমূহ দূৰ হৈছে যদিও চীন আৰু ৰাছিয়াৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত “বিচক্ষণ” পন্থা ছিউলৰ বাবে প্ৰত্যাহ্বান হৈয়ে আছে। ২০১১ চনত ক্ষমতা দখল কৰাৰ পিছত কিমে ২০১৮ চনত তিনিবাৰ আৰু ২০১৯ চনত এবাৰ চীন ভ্ৰমণ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
