নতুন দিল্লী, ৩১ ডিছেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ ১০৮ সংখ্যক খণ্ডত দেশবাসীক নৱবৰ্ষৰ বাবে শুভেচ্ছা জনায়। তেওঁ কয় যে জপমালাৰ ১০৮টা গুটিৰ দৰেই এই খণ্ডটোৱেও ইয়াৰ বাবে গুৰুত্ব লাভ কৰিছে।
তেওঁ কয়, ‘ভাৰত আত্মবিশ্বাসেৰে ভৰপূৰ ৷ উন্নত ভাৰতৰ মনোভাৱেৰে ভৰপূৰ। আত্মনিৰ্ভৰশীলতাৰ অনুভৱ। ২০২৪ চনতো আমি একে মনোভাৱ আৰু গতি বজাই ৰাখিব লাগিব।
দেশৰ সাফল্য সন্দৰ্ভত ‘মন কি বাত’ত পোৱা বাৰ্তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। লগতে যোৱা বছৰ দেশৰ খেলুৱৈ আৰু শিল্পীৰ কৃতিত্বৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ সম্ভাৱনা অতি আকৰ্ষণীয় আৰু আমি এইসকল লোকৰ পৰা প্ৰেৰণা লৈ আগবাঢ়িব লাগিব। ভাৰত ‘ইন’ভেচন হাব’ হৈ পৰাটো ইয়াৰ প্ৰতীক যে আমি আমাৰ যাত্ৰাৰ পৰা বিৰত নহও।
হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ
