নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কৰ্ণাটকৰ হাছানত সংঘটিত দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঘটনা অত্যন্ত হৃদয় বিদাৰক আৰু তেওঁৰ উদ্বিগ্নতা এই দুখজনক মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালসমূহৰ লগত আছে। লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়ালক ২ লাখ টকাকৈ এককালিন সহায়তা প্ৰদান কৰা হ’ব। দুৰ্ঘটনাটোত আহত প্ৰতিজন ব্যক্তিক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
উল্লেখযোগ্য যে কৰ্ণাটকৰ হাছান জিলাত শুকুৰবাৰে নিশা গণেশ বিসৰ্জনৰ সময়ত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ভক্তৰ দল মহতিয়াই নিয়াত কমেও ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হয়। আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইঞ্জিনিয়াৰিঙৰ একাংশ ছাত্ৰ-ছাত্ৰীও মৃতকৰ ভিতৰত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
