-প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ সাহিবাবাদ-দুহাই অংশত পতাকা জোকাৰি শুভাৰম্ভ, ১২ মিনিটত অতিক্ৰম কৰিব ১৭ কিলোমিটাৰ দূৰত্ব
নতুন দিল্লী, ২০ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (শুকুৰবাৰে) প্ৰথমখন তীব্ৰবেগী ৰেপিড ৰে’ল ‘নমো ভাৰত’ দেশবাসীক অৰ্পণ কৰে। তেওঁ পুৱা প্ৰায় ১১ বজাত সাহিবাবাদৰ দিল্লী-মীৰুট পথৰ প্ৰথম পৰ্যায়ৰ সাহিবাবাদ-দুহাই খণ্ড (আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম (আৰ আৰ টি এছ)) উদ্বোধন কৰে। উক্ত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে। এই খণ্ডটো ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু এই ৰে’লখনে প্ৰায় ১২ মিনিটত এই দুৰত্ব সম্পূৰ্ণ কৰিব। ইয়াৰ লগে লগে কেইদিনমানৰ পিছত দিল্লী-মেৰঠৰ মাজত ৰে’লযোগে যাত্ৰা কৰা যাত্ৰীসকলৰ যাত্ৰা সহজ হৈ পৰিব।
এই তীব্ৰবেগী ৰে’লগাড়ীখনক ‘বন্দে ভাৰত’ৰ দৰেই ‘নমো ভাৰত’ নামেৰে নামাকৰণ কৰা হৈছে। দিল্লী-মেৰঠ পথত এই প্ৰকল্পৰ পাঁচটা পৰ্যায় আছে। উদ্বোধনৰ পূৰ্বে এই ৰে’লখনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ কৰা হৈছে। ই ঘণ্টাত ১৫২ কিলোমিটাৰতকৈ অধিক গতিত চলিছিল।
কাইলৈৰ পৰা সম্পূৰ্ণৰূপে আৰম্ভ হ’ব এই তীব্ৰবেগী ৰে’ল সেৱা। ৰেপিড ৰে’ল পৰিচালনাৰ বাবে গঠন কৰা হৈছে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগম। এনচিআৰটিচি কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ ৰাজ্যৰ যৌথ কোম্পানী। এই প্ৰকল্পৰ কাম ২০১৯ চনৰ জুন মাহৰ পৰা আৰম্ভ হৈছিল। প্ৰকল্পটোৰ বাকী পৰ্যায়সমূহ সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ ২০২৫ চনৰ জুন মাহত নিৰ্ধাৰণ কৰা হৈছে।
আজিৰ পৰা আৰম্ভ হোৱা প্ৰথম খণ্ডটোত সাহিবাবাদ-দুহাই ডিপোৰ মাজত পাঁচটা ষ্টেচন আছে। তেওঁলোকৰ নাম হৈছে সাহিবাবাদ, গাজিয়াবাদ, গুলধৰ, দুহাই আৰু দুহাই ডিপো। নিগমে দাবী কৰিছে যে এয়া হ’ব ভাৰতৰ প্ৰথম এনে ৰে’ল ব্যৱস্থা, য’ত ৰে’লখন ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত চলিব। লগতে যাত্ৰীসকলে মোবাইল ফোন আৰু কাৰ্ডৰ জৰিয়তে টিকট ক্ৰয় কৰিব পাৰিব। ইফালে ৰে’ল ডবাৰ শেষৰ ডবাত ষ্ট্ৰেচাৰ থাকিব। যদি কোনো ৰোগীক মেৰঠৰ পৰা দিল্লীলৈ ৰেফাৰ কৰা হয়, তেন্তে তাৰ বাবে সুকীয়া কোচৰ ব্যৱস্থা কৰাৰ সুবিধা আছে। যাতে কম খৰচত ৰোগীক গন্তব্যস্থলীলৈ পঠিয়াব পৰা যায়। এই ৰে’লখনত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে পৃথক পৃথক আসন সাজু কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
