নতুন দিল্লী, ৩০ অক্টোবৰ (হি.স.)। বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক সমিতিয়ে আয়োজন কৰা ৭৬ সংখ্যক অধিৱেশনৰ বৈঠকত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই কয় যে কেন্দ্ৰীয় চৰকাৰে এক সামগ্ৰিক আৰু সৰ্বাংগীন পন্থা গ্ৰহণ কৰিছে। আমি স্বাস্থ্য খণ্ডত আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰিছো, ঔষধৰ পৰম্পৰাগত ব্যৱস্থাক প্ৰসাৰিত কৰিছো। লগতে সাৰ্বজনীন স্বাস্থ্য কভাৰেজৰ দৃষ্টিভংগীৰে সকলোকে সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰা। দেশৰ অন্তিমজন ব্যক্তিক বাদ পৰি নাযাবলৈ অদম্য প্ৰতিশ্ৰুতিৰে স্বাস্থ্য সেৱা আগবঢ়াই নিয়া হৈছে বুলিও তেওঁ কয়।
সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত ৭৬ সংখ্যক অধিৱেশনত ভাষণ দি ড০ মনসুখ মাণ্ডবিয়াই কয় যে ২৪ অক্টোবৰলৈকে আয়ুষ্মান ভাৰত-স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ (এবি-এইচ ডব্লিউ চি)ত ২১১ কোটিতকৈ অধিক লোকৰ সঁহাৰি পোৱা গৈছে। এই কেন্দ্ৰসমূহৰ ৰোগীসকলে ১৮৩ কোটিতকৈ অধিক বিনামূলীয়া ঔষধ আৰু ৮৭.৩ কোটিতকৈ অধিক বাৰ ৰোগ নিৰ্ণয় সেৱা লাভ কৰিছে। ইয়াৰ উপৰিও ২.৬ কোটি সুস্থতা অধিবেশন অনুষ্ঠিত কৰা হৈছে, য’ত ৩০.৬ কোটিতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ/অৰবিন্দ
