গোপেশ্বৰ, ০১ ছেপ্টেম্বৰ (হি.স.)। উত্তৰাখণ্ডৰ চামোলি জিলাক চীন সীমান্তৰ সৈতে পথৰ যোগেদি সংযোগ কৰা তামাক-লং নামৰ গুৰুত্বপূৰ্ণ দলংখনৰ বিকল্প ব্যৱস্থা কৰি সোমবাৰৰ পৰা এই পথত যাতায়ত মসৃণ কৰি তুলিছে। এই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পথত আন্দোলন আৰম্ভ হোৱাৰ বাবে চাৰিওফালৰ প্ৰায় ১৪ খন গাঁৱৰ ৰাইজেও সকাহ পাইছে।
দৰাচলতে শনিবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ সময়ত সীমান্ত এলেকা সংযোগী একমাত্ৰ তামাক-লং দলংখন তামাক নলা উফন্দি উঠাৰ ফলত উটুৱাই লৈ যায়। এই দলংখন জাহ যোৱাৰ ফলত প্ৰায় ১৪ খন গাঁও তামাক, জুম্মা, কগা, গৰপাক, দ্ৰোণাগিৰি, জেলাম, কোছা, মালাৰী, কৈলাশপুৰ, মেহৰাগাঁও, ফাৰকীয়া গাঁও, বাম্পা গাঁও, গামশালি আৰু নীতি জিলাৰ অন্যান্য ঠাইৰ পৰা বিচ্ছিন্ন হৈ পৰে। ইয়াৰ বাবেই মানুহে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। বি আৰ অ’ৰ অক্লান্ত প্ৰচেষ্টাৰ অন্তত সোমবাৰে জাহ যোৱা এই দলংখনৰ ঠাইত বিকল্প ব্যৱস্থা কৰি যান-বাহন আৰু সাধাৰণ মানুহৰ বাবে পথ মুকলি কৰা হৈছে। এই পথটো মুকলি হোৱাৰ লগে লগে মানুহে সকাহৰ হুমুনিয়াহ কাঢ়িছে।
অঞ্চলটোৰ প্ৰাক্তন প্ৰধান পূষ্কৰ সিং ৰাণা আৰু লক্ষ্মণ সিং বুটোলাই কয় যে দলংখন জাহ যোৱাৰ বাবে মানুহৰ চলাচল ক্ষতিগ্ৰস্ত হৈছে। সোমবাৰে বি আৰ অ’ই ইয়াত অস্থায়ী ব্যৱস্থা কৰি যান-বাহনৰ চলাচল আৰম্ভ কৰিছে। ইয়াৰ বাবেই মানুহে সকাহৰ হুমুনিয়াহ কাঢ়িছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
