মাংগালোৰ, ২৩ আগষ্ট (হি.স.)। কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ ধৰ্মস্থল গাঁৱত শ শ মৃতদেহ সমাধিস্থ কৰা বুলি ভুৱা উৰাবাতৰি প্ৰচাৰ কৰি ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা চিন্নৈয়া নামৰ মুখা পিন্ধা এজন ব্যক্তিক বিশেষ তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰিছে।
প্ৰথমে কোনো অচিনাকি অভিযোগকাৰীৰ তথ্যত বিষয়াসকলে শ্মশানখন তালাচী চলায়। ইয়াৰ মাজতে যেতিয়া তেওঁ উল্লেখ কৰা ১৭ টা স্থানত কোনো সূত্ৰ পোৱা নগ’ল, তেতিয়া এছ আই টিয়ে তালাচী বন্ধ কৰি অভিযোগকাৰীক জেৰা কৰে।
এছ আই টিৰ তদন্তকাৰী বিষয়া জিতেন্দ্ৰ দয়ামাৰ নেতৃত্বত প্ৰায় ২৫ জন আৰক্ষীয়ে চিন্নৈয়াক তীব্ৰ জেৰা কৰে। বহু প্ৰশ্ন কৰা আৰু ভিডিঅ’ প্ৰমাণ দেখুওৱাৰ পিছতো তেওঁৰ পৰা বহু নিৰ্দিষ্ট প্ৰশ্নৰ পৰ্যাপ্ত উত্তৰ পোৱা নগ’ল।
যোৱা নিশাৰ পৰা আজি পুৱালৈকে এছ আই টিৰ মুৰব্বী প্ৰণৱ মোহান্তিয়ে ব্যক্তিগতভাৱে চিন্নৈয়াক জেৰা কৰে আৰু এই উত্থাপিত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত গ্ৰেপ্তাৰ কৰে ।
জেৰাৰ সময়ত দেখা গ’ল যে বেনামী ফোন কৰাজনৰ উৰাবাতৰি মাথোঁ ভূৱা আছিল, যাৰ উদ্দেশ্য আছিল সমাজত ভয়ৰ পৰিৱেশ সৃষ্টি কৰা।
এছ আই টিয়ে চিন্নৈয়াক আদালতত হাজিৰ কৰাইছে আৰু অনাগত দিনত তেওঁক জিম্মাত লৈ আৰু অধিক জেৰা কৰাৰ সম্ভাৱনা আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
