প্ৰতি বছৰে ২৪ অক্টোবৰৰ দিনা বিশ্ব সংযুক্ত দিৱস বা ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। এই দিনটো ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ চনদ বলবৎ হোৱাৰ বাৰ্ষিকী। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যেতিয়া বিশ্বই শান্তি আৰু স্থিতিশীলতা বিচাৰিছিল, তেতিয়া মানৱতাৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কৰা হয়।
এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য, সাফল্য, বিশ্বব্যাপী অৱদানৰ বিষয়ে সজাগতা সৃষ্টি কৰা। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে বিশ্বৰ প্ৰধান বিষয়বোৰ—যুদ্ধ হওক, দৰিদ্ৰতা হওক, জলবায়ু পৰিৱৰ্তন হওক বা মানৱ অধিকাৰ হওক— পাৰস্পৰিক সহযোগিতা আৰু সংহতিৰ জৰিয়তেহে সমাধান কৰিব পৰা যাব।
ৰাষ্ট্ৰসংঘ দিৱসৰ তাৎপৰ্য্য এইটোৱেই যে ই সকলো সদস্য ৰাষ্ট্ৰক একক মঞ্চত একত্ৰিত কৰে, য’ত শান্তি, উন্নয়ন আৰু মানৱতাৰ স্বাৰ্থত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হয়। এই দিনটোৱে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ দিশত প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰে।
বিশ্ব সংযুক্ত দিৱসে আমাক এই বাৰ্তা দিয়ে যে যেতিয়া সমগ্ৰ বিশ্ব একেলগে থিয় হয় তেতিয়া কোনো প্ৰত্যাহ্বান অসম্ভৱ নহয়। এই দিৱস মানৱতা, সহযোগিতা, বিশ্ব ঐক্যৰ মনোভাৱৰ প্ৰতি প্ৰণামৰ প্ৰতীক।
গুৰুত্বপূৰ্ণ পৰিঘটনা-
১৫৭৭ – চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃত সৰোৱৰ হ্ৰদৰ নামেৰে নামাকৰণ কৰি অমৃতসৰ নগৰ প্ৰতিষ্ঠা কৰে।
১৫৭৯ – জেচুইট পাদুৰী এছ.জে. থমাছ পৰ্তুগীজ জাহাজেৰে গোৱাত উপস্থিত হোৱা ভাৰত ভ্ৰমণ কৰা প্ৰথমজন ইংৰাজ আছিল ।
১৬০৫ – আজিৰ দিনটোতে আগ্ৰাত মোগল সম্ৰাট জাহাংগীৰে সিংহাসনত আৰোহণ কৰে।
১৬৫৭ – আজিৰ দিনটোতে কল্যাণ আৰু ভীৱণ্ডী তেওঁৰ শাসনৰ অধীনলৈ আহে।
১৮৬১ – ছান ফ্ৰান্সিস্কো আৰু ৱাশ্বিংটনৰ মাজত প্ৰথম ট্ৰেন্সকন্টিনেণ্টেল টেলিগ্ৰাম প্ৰেৰণ কৰা হয়।
১৯২৯ – আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ বিপৰ্যয় আৰম্ভ হয়, যাক ব্লেক থাৰ্ছডে বুলি জনা যায়, যাৰ ফলত মহামন্দাৰ সৃষ্টি হয়।
১৯৪৫ – দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ মাত্ৰ এমাহৰ পিছত বিশ্ব শান্তিৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰসংঘ সংস্থা (ইউএনও) প্ৰতিষ্ঠা কৰা হয়।
১৯৪৫ – আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ চনদ বলবৎ হোৱাৰ বাৰ্ষিকী। ইয়াক বিশ্ব সংযুক্ত দিৱস বা ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়।
১৯৪৬ – মহাকাশৰ পৰা পৃথিৱীৰ প্ৰথম ছবিখন ৰকেটেৰে লোৱা হয়।
১৯৪৭ – পাকিস্তানী জনজাতি লোকে জম্মু-কাশ্মীৰত আক্ৰমণ কৰে।
১৯৪৮ – বাৰ্নাৰ্ড বাৰুচে প্ৰথমবাৰৰ বাবে চেনেটৰ যুদ্ধ তদন্ত সমিতিৰ সন্মুখত দিয়া ভাষণত শীতল যুদ্ধ শব্দটো ব্যৱহাৰ কৰে।
১৯৭৫- বন্ধুৱা শ্ৰমিক প্ৰথা বিলুপ্ত কৰাৰ বাবে এখন অধ্যাদেশ গৃহীত হয় আৰু পিছদিনা কাৰ্যকৰী হয়।
১৯৮২ – সুধা মাধৱন মাৰাথন দৌৰৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়।
১৯৮৪ – এস্প্লেনেড আৰু ভৱানীপুৰৰ মাজত কলকাতাত প্ৰথমখন মেট্ৰ’ ৰে’ল (আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন) চলিবলৈ আৰম্ভ কৰে।
২০০০ – দক্ষিণ কোৰিয়াই দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ পৰীক্ষা নকৰাৰ কথা ঘোষণা কৰে।
২০০১ – নাছাৰ ২০০১ চনৰ মংগল গ্ৰহৰ অডিচি মহাকাশযানে মংগল গ্ৰহৰ চাৰিওফালে কক্ষপথত সফলতাৰে প্ৰৱেশ কৰে।
২০০৩ – ছুপাৰছনিক যাত্ৰীবাহী বিমান কনকৰ্ডে চূড়ান্ত বিমান চলায়।
২০০৪ – ব্ৰাজিলে মহাকাশত প্ৰথমটো সফল ৰকেট পৰীক্ষা কৰে।
২০০৫ – নিউজিলেণ্ড আৰু ভাৰতে নতুন বিমান সেৱা চুক্তিত সন্মতি প্ৰকাশ কৰে।
জন্ম-
১৯৭৪ – আজিৰ দিনটোতে অনুৰাগ ঠাকুৰ – সুপৰিচিত ভাৰতীয় ৰাজনীতিবিদ তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা।
১৯৭২ – মল্লিকা শ্বেৰাৱট – হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।
১৯৪০ – কৃষ্ণস্বামী কস্তুৰীৰংগন – ভাৰতৰ বিখ্যাত মহাকাশ বিজ্ঞানী।
১৯৩৬ – সঞ্জীৱ চট্টোপাধ্যায় – বাংলা ঔপন্যাসিক আৰু গল্পকাৰ।
১৯২১ – আৰ কে লক্ষ্মণ – প্ৰখ্যাত কাৰ্টুনকাৰ।
১৯১৫ – জীৱন – বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেতা।
১৯১৪ – আজিৰ দিনটোতে লক্ষ্মী সেহগাল – স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী।
১৯১১ – অশোক মেহতা – ভাৰতৰ অন্যতম বিখ্যাত ৰাজনীতিবিদ, সমাজবাদী নেতা, সংসদ সদস্য, চিন্তাবিদ।
১৮৮৪ – আজিৰ দিনটোতে প্ৰেমনাথ ডোগ্ৰা – জম্মু-কাশ্মীৰৰ এজন নেতা।
১৭৭৫ – আজিৰ দিনটোতে বাহাদুৰ শ্বাহ জাফৰ – মোগল সাম্ৰাজ্যৰ শেষ সম্ৰাট।
মৃত্যু-
২০০০ – সীতাৰাম কেশৰী – ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম ৰাজনীতিবিদ।
১৯৯৬ – গ্লেডউইন জেব ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান নিৰ্বাচন নোহোৱালৈকে ৰাষ্ট্ৰসংঘৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধান আছিল।
১৯৯১ – ইছমত চুঘটাই – ভাৰতৰ বিখ্যাত উৰ্দু সাহিত্যিক।
১৯৫৪ – ৰফি আহমেদ কিদৱাই – স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।
২০০৬ – ধৰ্মপাল – ভাৰতৰ এজন মহান গান্ধীবাদী, চিন্তাবিদ, ইতিহাসবিদ, আৰু দাৰ্শনিক।
২০১৩ – মন্না দে – ২০০৫ চনত ভাৰত চৰকাৰে শিল্পক্ষেত্ৰত পদ্মভূষণেৰে সন্মানিত কৰে।
২০১৭ – গিৰিজা দেৱী – বিখ্যাত থুমৰি গায়িকা।
২০০৫ – টি এছ মিশ্ৰ – ভাৰতৰ অসম ৰাজ্যৰ প্ৰাক্তন ৰাজ্যপাল।
গুৰুত্বপূৰ্ণ অনুষ্ঠান
-বিশ্ব উন্নয়ন তথ্য দিৱস।
-বিশ্ব পলিঅ’ দিৱস।
-বিশ্ব সংযুক্ত দিৱস (ৰাষ্ট্ৰসংঘ দিৱস)।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
