নতুন দিল্লী, ১২ ডিছেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (মঙলবাৰ) সন্ধিয়া ৫ বজাত ৰাষ্ট্ৰীয় ৰাজধানী ভাৰত মণ্ডপামত তিনিদিনীয়া গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স (জিপিএআই) শীৰ্ষ সন্মিলন উদ্বোধন কৰিব। জিপিএআই হৈছে ২৯খন সদস্য দেশৰ সৈতে বহু অংশীদাৰৰ পদক্ষেপ। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ চমু চিত্ৰাংকিত বৰ্ণনা ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত গ্ল’বেল পাৰ্টনাৰশ্বিপৰ লক্ষ্য হৈছে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ সম্পৰ্কীয় অগ্ৰাধিকাৰৰ ওপৰত অত্যাধুনিক গৱেষণা আৰু ব্যৱহাৰিক কাৰ্য্যকলাপৰ সুবিধা প্ৰদান কৰি ইয়াৰ তত্ত্ব আৰু অনুশীলনৰ মাজৰ ব্যৱধান দূৰ কৰা। ২০২০ চনত জিপিএআইৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য ভাৰত ২০২৪ চনলৈকে জিপিএআইৰ সভাপতিৰ দায়িত্বত আছে।
এই সন্মিলনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৫০ জনতকৈ অধিক জিপিএআই বিশেষজ্ঞ আৰু ১৫০ গৰাকী বক্তাই অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ইণ্টেল, ৰিলায়েন্স জিঅ’, গুগল, মেটা, এডব্লিউএছ, যোটা, নেটৱেব, পেটিএম, মাইক্ৰ’ছফ্ট, মাষ্টাৰকাৰ্ড, এনআইচি, এছটিপিআই, ইমাৰ্চ, জিঅ’ হাপ্টিক, ভাষিনী আদিকে ধৰি সমগ্ৰ বিশ্বৰ শীৰ্ষ এআই গেমচেঞ্জাৰসকল বিভিন্নৰ কাৰ্যসূচীৰ অংশ হ’ব ।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
