
চেন্নাই, ১৬ আগষ্ট (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা মণিপুৰ আৰু নাগালেণ্ডৰ প্ৰাক্তন ৰাজ্যপাল লা গণেশনৰ শনিবাৰে সন্ধিয়া ৫ বজাত বেসন্ত নগৰ শ্মশানত দাহ কৰা হ’ব। এদিন পূৰ্বে শুকুৰবাৰে সন্ধিয়া ৬:২৩ বজাত চেন্নাইৰ এপ’ল’ হাস্পতালত তেওঁৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৮০ বছৰ।
গণেশনৰ মৃতদেহ চেন্নাইৰ টি নগৰত থকা তেওঁৰ বাসগৃহত ৰাজহুৱা দৰ্শনৰ বাবে ৰখা হৈছে, য’ত তামিলনাডুৰ ৰাজ্যপাল আৰ.এন. ৰবি, মুখ্যমন্ত্ৰী এম. ষ্টেলিন আৰু নৈনাৰ নগেন্দ্ৰন, বনাথী শ্ৰীনিবাসনৰ দৰে বিজেপি নেতাই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব তেওঁৰ অন্তিম যাত্ৰা আৰু বেসন্ত নগৰ শ্মশানত উপস্থিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
