• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > (আপডেট) আলাস্কাত পুটিনক সাক্ষাৎ ট্ৰাম্পৰ, জেলেনস্কিৰ ওপৰত এৰিলে যুদ্ধবিৰতিৰ দায়িত্ব
International

(আপডেট) আলাস্কাত পুটিনক সাক্ষাৎ ট্ৰাম্পৰ, জেলেনস্কিৰ ওপৰত এৰিলে যুদ্ধবিৰতিৰ দায়িত্ব

CliQ INDIA
Last updated: August 16, 2025 8:00 pm
CliQ INDIA
Share
4 Min Read
SHARE

এংকৰেজ (আলাস্কা) আমেৰিকা যুক্তৰাষ্ট্ৰ, ১৬ আগষ্ট (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ ভি পুটিনে শুকুৰবাৰে আলাস্কা সন্মিলনত ইউক্ৰেইনত যুদ্ধবিৰতি সন্দৰ্ভত আলোচনা কৰে । এংকৰেজৰ যৌথ ঘাটি এলমেনডৰ্ফ-ৰিচাৰ্ডছনত প্ৰায় তিনি ঘণ্টা ধৰি চলিছিল দুয়োগৰাকী নেতাৰ বৈঠক। ইয়াৰ পিছত দুয়োজনে যৌথভাৱে সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধবিৰতিৰ দায়িত্ব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ ওপৰত এৰি দিলে।

দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি ট্ৰাম্প আৰু পুটিনে কোনো বিষয়ত সহমতৰ কথা ঘোষণা নকৰাকৈয়ে শীৰ্ষ সন্মিলনৰ সামৰণি মাৰে। ট্ৰাম্পে এই অগ্ৰগতিৰ অস্পষ্ট কিন্তু ইতিবাচক মূল্যায়ন কৰি কয় যে, বহু কথাত সহমত হৈছে। এতিয়া অতি কম কথা বাকী আছে। পুটিনে কয় যে আমি নিশ্চিত যে চুক্তিখন স্থায়ী আৰু দীৰ্ঘম্যাদী কৰিবলৈ হ’লে আমি সংঘাতৰ সকলো প্ৰাথমিক কাৰণ আঁতৰাই পেলাব লাগিব। পুটিনে কয় যে মস্কোৱে ইউক্ৰেইনক নিজৰ মাটিৰ এক বৃহৎ অংশ ৰাছিয়াক গতাই দিবলৈ দাবী জনাইছে। নিৰস্ত্ৰীকৰণ কৰা হওক। নাটোত যোগদান নকৰাৰ শপত লওক। এই সন্দৰ্ভত অৱসৰপ্ৰাপ্ত জেনেৰেল তথা ৰাছিয়াৰ সংসদৰ সদস্য আন্দ্ৰেই গুৰলিউভে কয় যে বৈঠকৰ পিছত পুটিনৰ মন্তব্যই দেখুৱাইছে যে ক্ৰেমলিনৰ স্থিতি দৃঢ়।

পুটিনে কয়, আজি ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে সেই সময়ত তেওঁ ৰাষ্ট্ৰপতি হ’লে যুদ্ধ নহ’লহেঁতেন আৰু মই নিশ্চিত যে এইটো হ’ব। মই এই কথা নিশ্চিত কৰিব পাৰো। ট্ৰাম্পে কয় যে তেওঁ অতি সোনকালে নাটোৰ নেতা, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আদিক ফোন কৰি বৈঠকত অনুষ্ঠিত হোৱা আলোচনাৰ বিষয়ে অৱগত কৰিব। শ শ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ যোৱাৰ পূৰ্বে ট্ৰাম্পে কয় যে হয়তো আমি অতি সোনকালে পুনৰ লগ হ’ম। পুটিনে লগতে কয় যে পিছৰবাৰ মস্কোত।

ৰাছিয়াৰ সংবাদ সংস্থা টাছৰ মতে, শীৰ্ষ সন্মিলনৰ পিছত পুটিন আৰু ট্ৰাম্প সংবাদ মাধ্যমৰ সন্মুখত হাজিৰ হয়। প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল আৰু তাৰ পিছত অলপ সময় থিয় হৈ কথা পাতিছিল। ইয়াৰ পিছত পুটিনে এংকৰেজত সমাধিস্থ কৰা ছোভিয়েট পাইলটৰ কবৰত পুস্পাঞ্জলি আগবঢ়াই ৰাছিয়ালৈ উভতি যায়। ৰাছিয়াৰ নেতাগৰাকীৰ বিমানখন স্থানীয় সময় অনুসৰি পুৱা ১০:৫৪ বজাত (জিএমটি ৬:৫৪ বজাত) জইণ্ট বেছ এলমেনডৰ্ফ-ৰিচাৰ্ডছনত অৱতৰণ কৰে। এংকৰেজৰ বিমানবন্দৰত আনুষ্ঠানিক ফটো তোলাৰ পূৰ্বে পুটিন আৰু ট্ৰাম্পে চমু কথা-বতৰা পাতিছিল। এই উপলক্ষে সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ পৰা বিৰত থাকে দুয়োগৰাকী নেতাই।

ক্ৰেমলিন প্ৰেছ চাৰ্ভিচৰ ফুটেজ অনুসৰি বন্ধ কোঠাৰ ভিতৰতমমমম আলোচনা আৰম্ভ হৈছিল পুৱা ১১:২৬ বজাৰ পৰা (জিএমটি নিশা ৭:২৬ বজাত)। ৰাষ্ট্ৰপতিৰ উপৰিও ৰাছিয়াৰ পক্ষক প্ৰতিনিধিত্ব কৰিছিল ক্ৰেমলিনৰ সহায়ক ইউৰি উছাকভ আৰু বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু আমেৰিকাৰ পক্ষক প্ৰতিনিধিত্ব কৰিছিল বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু ট্ৰাম্পৰ বিশেষ দূত ষ্টিভ উইটকফে। ট্ৰাম্পৰ সৈতে হোৱা চুক্তিয়ে ইউক্ৰেইনত শান্তিৰ পথ প্ৰশস্ত কৰিব বুলি পুটিনে আশা প্ৰকাশ কৰে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে পৰৱৰ্তী বৈঠক মস্কোত অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে। ট্ৰাম্পে কয় যে সেয়া সম্ভৱ। ইয়াৰ বাবে তেওঁক সমালোচনা কৰা হ’ব বুলি স্বীকাৰ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

চিএনএনৰ মতে, শীৰ্ষ সন্মিলনৰ শেষত ট্ৰাম্পে যি যুদ্ধবিৰতিৰ কথা কৈছিল সেয়া বাস্তৱৰ পৰা বহু দূৰত, কিয়নো তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ ওপৰত “আপোচ কৰাৰ” দায়িত্ব ৰাখিছিল। চেনেলটোৱে কয় যে এইটো এটা নকল শীৰ্ষ সন্মিলনৰ নিৰ্ণায়ক অন্ত।

শীৰ্ষ সন্মিলনৰ কিছু সময়ৰ পিছতে দিয়া এক সাক্ষাৎকাৰত ফক্স নিউজে ট্ৰাম্পক টেৰিটৰিয়েল ৰেহাইৰ বিষয়ে সুধিছিল, ৰাছিয়াই আগতে নথকা মাটি পাবনে? ট্ৰাম্পে কয় যে মই ভাবো এইবোৰ বিষয় আমি আলোচনা কৰিছো আৰু আমি বহুলাংশে একমত। তেওঁ জোৰ দি কয় যে ইউক্ৰেইনে “ইয়াত সন্মতি দিব লাগিব”। জেলেনস্কিৰ বাবে তেওঁৰ পৰামৰ্শ কি বুলি সোধাত ট্ৰাম্পে উত্তৰ দিয়ে যে, “এটা আপোচ হ’ব লাগিব।”

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

নেপালত ভাৰত, পাকিস্তানকে ধৰি ১৯খন দেশৰ সেনাৰ যৌথ অনুশীলন অব্যাহত
ইজৰাইলৰ আক্ৰমণত নিহত হামাছৰ শক্তিশালী নেতা ইজ্জ আল-দিন কাছাব | BulletsIn
নেপালত বিদেশী নাগৰিকক নিৰীক্ষণৰ বাবে ট্ৰেকিং ব্যৱস্থা আৰম্ভ
নেপালঃ সন্দেহজনক কাৰ্যকলাপৰ বাবে চাৰি চীনা নাগৰিক গ্ৰেপ্তাৰ; সকলো ব্যৱসায়িক ভিছাত
বেলুচিস্তানত পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ, ছয় জোৱান নিহত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মুখ্যমন্ত্ৰী ষ্টেলিনৰ আমেৰিকাৰ শুল্ক সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী
Next Article আজি চেন্নাইত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন ৰাজ্যপাল লা গণেছনৰ অন্ত্য়েষ্টিক্ৰিয়া
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?